নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ তাণ্ডৱঃ ফুটুৰীপাৰাত ভাঙিলে ৬টা ঘৰ, মহিলা আহত

নিয়মীয়া বার্তা, ১ জুনঃ মহামাৰী ক’ৰোনাৰ আতংকৰ মাজতে গোৱালপাৰাৰ ভিন্ন প্রান্তত অব্যাহত আছে হস্তী–মানুহৰ সংঘাত৷ যোৱানিশা বন্যহস্তীৰ বৃহৎ জাক এটাই বনাঞ্চলৰ পৰা ফুটুৰীপাৰা গাঁৱত প্রৱেশ কৰি উপদ্রৱ চলায়৷ কিনকিনীয়া বৰষুণৰ মাজতে নিশা ২ মান বজাত গাঁওবাসী শুই থকা অৱস্থাতে ২৫/৩০টা বৃহৎ বন্যহস্তীৰ জাক এটাই অকস্মাতে গাঁওখনত প্রৱেশ কৰি উপদ্রৱ চলায়৷ বন্যহস্তীৰ আক্রমণত কালু উৰাও নামৰ লোকজন গুৰুতৰভাৱে আহত হয়৷

নিজৰ বাসগৃহ ধ্বংস কৰাত বিছনাৰ তলত লুকাইহে ৰক্ষা পৰে লোকজনে৷ বন্যহস্তীৰ জাকটোৱে গাঁওখনৰ ৰুণু গোৱালা, দীপেন উৰাওৰ ৬টাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰে৷ ৰাইজে জুই জ্বলাই, ফটকা ফুটাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰে যদিও ব্যর্থ হয়৷

ইফালে গোৱালপাৰাৰ বন বিভাগক ৰাইজে নিশাই ফোনযোগে খবৰ দিছিল যদিও বহু পলমকৈ গাঁওখনত বন বিভাগৰ লোক উপস্থিত হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে৷ অৱশ্যে পুৱাৰ সূর্যোদয়ৰ লগে লগে গাঁৱৰ বাঁহনিত সোমাই পৰে বন্যহস্তীৰ জাকটো৷ বন্যহস্তীৰ জাকটোক লৈ আজি গোটেই দিন তীব্র আতংকই বিৰাজ কৰে সমগ্র গাঁওখনত৷ গাঁৱৰ বাঁহনিত থকা বন্যহস্তীৰ জাকটোৱে সময়ে সময়ে চোঁচা লৈ খেদি অহাত গাঁওখনৰ বহু লোক নিজৰ ঘৰ–বাৰী এৰি নিৰাপদ স্থানত আশ্রয় লয়৷

অৱশ্যে গোৱালপাৰা বন বিভাগ আৰু ৪ গাঁওখনত প্রৱেশ কৰি ৰাইজক নিৰাপত্তা দিবলৈ সক্ষম হয়৷

উল্লেখ্য যে যোৱা ২৪ মে’ত বন্যহস্তীৰ আক্রমণত লালাবডীৰ বামুণবডীত এজন লোকৰ মৃত্যু হৈছিল৷ সম্প্রতি হাতী–মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে জিলাখনৰ বিভিন্ন প্রান্তত৷ মেঘালয়ৰ পৰা খাদ্যৰ সন্ধানত নামি অহা কেইবাটাও বন্যহস্তীৰ জাকে জিলাখনৰ ৰংজুলি, দৰংগিৰি, দুধনৈ, কৃষ্ণাই, আগিয়া, শোলমাৰী, শ্রীসূর্যগিৰি, দহিকটা আদি অঞ্চলত দীর্ঘদিনৰ পৰা ত্রাসৰ সৃষ্টি কৰিছে৷

You might also like