নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুলগুৰিত পথৰ দুৰৱস্থাঃ ৰাইজে উজাৰিলে ক্ষোভ

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: নলবাৰী জিলাৰ ফুলগুৰি গাঁৱৰ কালাপাৰা চুবুৰীৰ এটি বিধ্বস্ত পথ পকীকৰণ কৰাৰ বাবে বহুবাৰ স্থানীয় ৰাইজে চৰকাৰ মন্ত্ৰী,প্ৰশাসনক দাবী জনায় আছিল যদিও আজিলৈকে কোনো গুৰুত্ব নিদিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।অঞ্চলটোৰ ৰাইজে আজি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে  বহু বছৰ ধৰি এজাক বৰষুণ দিলেই পথটোৰে ওলোৱা সোমোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে গঞাবাসীৰ লগতে পথচাৰীসকল। ইফালে পথটোৰে কেইবাখনো শিক্ষানুষ্ঠান আছে। ছাত্ৰ ছাত্ৰী সকলেও প্ৰতি বাৰিষাই অহা যোৱা কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে।   তথাপি জনপ্ৰতিনিধি, চৰকাৰৰ  কানসাৰ নোহোৱাৰ অভিযোগ তোলে ৰাইজে। পথটো শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ,প্ৰশাসনক  সচেতন মহলৰ লগতে  স্থানীয় ৰাইজে। অন্যথা আগন্তুক পঞ্চায়ত কি লোকসভা নিৰ্বাচনত জবাব দিব বুলি ৰাইজে হুংকাৰ দিয়ে।

 

প্ৰাঞ্জল শৰ্মা,বাঁহজানী
You might also like