বকোত ৰাভা হাছং পৰিষদৰ উদ্যোগত ১৫ দিনীয়া এৰি-মুগা সুতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা ; ২৮ মাৰ্চ – ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত তথা অৰ্থ সাহাৰ্য্যত আৰু সহকাৰী ৰেচম সঞ্চালক কামৰূপৰ সহযোগত আজিৰ পৰা পোন্ধৰ দিনীয়া এৰি – মুগা সূতা কটা যন্ত্ৰ চালনৰ এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। উল্লেখ্য যে ; অসম চৰকাৰৰ এৰি – মুগা সংৰক্ষণ কেন্দ্ৰ বকোত এই কৰ্মশালাৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। এক মনোজ্ঞ অনুস্থানৰ জৰিয়তে এৰি – মুগা সূতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালা খন বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভাই।ৰেচম বিভাগ কামৰূপৰ সহকাৰী অধিক্ষক মৌচুমী দত্তই আত ধৰা অনুস্থান সঞ্চালনা কৰে সহকাৰী ৰেচম সঞ্চালক কামৰূপৰ বিষয়া প্ৰশান্ত কুমাৰ দাসে। ইফালে মহিলা সকলে সামাজিক ক্ষেত্ৰত স্ব – নিৰ্ভৰশীল তথা স্বাৱলম্বী কৰি সাৱলীকৰণ কৰাৰ প্ৰয়াসৰে মহিলা সকলোক এই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰোৱা হৈছে বুলি জানিব দিয়ে উদ্ধোধক ৰমা কান্ত ৰাভাই। ৰেচম বিভাগৰ পৰিচালক উদয় ৰাজবংশীৰ তৎপৰতাত অনুষ্ঠিত হয় কৰ্মশালা খন। অনুস্থানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ ৰশ্মি ৰাভা ; নগৰমল স্বৰ্গীয়াৰী ; সুমিত ৰাভা ; ফ্ৰাইলিন আৰ মাৰাক ; সোণাৰাম ৰাভা ; আদিত্য ৰাভা ; সাধাৰণ সদস্যা পঞ্চমী ৰাভা ; সদস্য অৰ্জুন চেত্ৰী ; উদ্ধৱ ৰাভাকে ধৰি বহু কেইজন পৰিষদৰ পাৰিষদ। এৰি – মুগা সুতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভণী অনুস্থানত নিখিল ৰাভা মহিলা পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী ললিতা ৰাভা ; বিষয় ববীয়া কৃষ্ণা ৰাভাকে ধৰি কেৱাজনো মহিলা কৰ্মী উপস্থিত থাকে। প্ৰকাশ্য যে ; এৰি – মুগা সূতা কটা যন্ত্ৰ চালন প্ৰশিক্ষণ কৰ্মশালাত মুঠ পঞ্চাশ গৰাকী মহিলাই অংশগ্ৰহণ কৰে। আৰু আজি ২৮ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈকে চলিব প্ৰশিক্ষণ কৰ্মশালা খন। জানিব পৰা মতে ; প্ৰশিক্ষণ কৰ্মশালাৰ শেষত প্ৰমাণ পত্ৰ আৰু সাহাৰ্য্য প্ৰদান কৰা হ’ব।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।