নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘগ্ৰাপাৰত অংগণবাড়ী কেন্দ্ৰৰ দুৰৱস্থাঃ ৰাজহুৱা অনুষ্ঠানত চলিছে ৯ টাকৈ অংগনৱাড়ী কেন্দ্ৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে বিভিন্ন ঠাইত আদৰ্শ অংগণবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি আহিছে ঠিক সেই সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ একাংশ অংগনবাড়ী কেন্দ্ৰৰ বিধ্বস্ত ৰূপে সচেতন ৰাইজক আচম্বিত কৰি তুলিছে। যাৰ ফলত অংগনবাড়ী কেন্দ্ৰ সমুহ অংগনবাড়ী কৰ্মীৰ গৃহ অথবা ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চলি থকা ঘটনাই ৰাইজৰ চকু কঁপালত তুলিছে। উল্লেখ‍্য যে কেন্দ্ৰ-ৰাজ্য চৰকাৰে শিশু,কিশোৰী আৰু গৰ্ভৱতী মহিলাসকলৰ আহাৰ যোগানকে ধৰি শিশু ছাত্ৰ-ছাত্রীসকলক পাঠদানৰ বাবে ৰাজ্যৰ  সমাজ কল‍্যাণ বিভাগে কাম কৰি আহিছে যদিও নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এই প্ৰকল্পটোৰ অন্তৰ্গত একাংশ অংগনৱাড়ী কেন্দ্ৰৰ দুৰৱস্থাই সমাজ কল‍্যাণ বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দিছে বুলি সচেতন ৰাইজে জানিবলৈ দিয়ে। উল্লেখ‍্য যে বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন  প্ৰকল্পটোৰ অন্তৰ্গত ৫৯ নম্বৰ ভিঠামহল অংগনৱাড়ী, বিলপাৰ অংগনবাড়ী কেন্দ্ৰ,   ১ নং মাজুশিলা,২ নং মাজুশিলাৰ অংগনৱাড়ী কেন্দ্ৰকেইটাৰ দুৰৱস্থাই  ৰাইজক ক্ষোভিত কৰি তুলিছে।জানিব পৰামতে তদানীন্তন নলবাৰী সমষ্টিৰ প্ৰয়াত বিধায়ক মদন কলিতাৰ কাৰ্যকালতে স্থাপন হোৱা এইসমুহ অংগনবাড়ী কেন্দ্ৰ আজি পৰ্যন্ত কোনো ধৰণৰ মেৰামতি নোহোৱাত সম্প্ৰতি গৃহসমুহ জহি-খহি গোহালি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে।বিগত দিনত অংগনৱাড়ী কৰ্মী-সহায়িকা,পৰিচালনা সমিতিয়ে উৰ্ধতম কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ফল নাপালে।যাৰ পৰিপ্ৰেক্ষিতত পুৰ্বৰ তুলনাত কণ কণ শিশু,ছাত্ৰ-ছাত্রীক কেন্দ্ৰটোলৈ অভিভাৱক সমাজে প্ৰায় পঠোৱা কমাই দিছে।ইফালে কেন্দ্ৰটোলৈ অহা শিশু ছাত্ৰ-ছাত্ৰীসকল দিশহাৰা হৈ পৰিছে।  শেহতীয়াভাৱে সংশ্লিষ্ট কেন্দ্ৰসমুহৰ জৰাজীৰ্ণ ৰূপৰ বাবে শিশুসকলৰ পাঠদান কৰা পৰিৱেশ নোহোৱা হৈছে।কেন্দ্ৰকেইটাৰ একমাত্ৰ গৃহকেইটাৰ টিনপাত ফুটি যোৱাৰ ফলত বৰষুণ আহিলে কণ কণ শিশুসকলৰ পানী হাঁহ নচৰা অৱস্থা হৈ পৰে। ইফালে বেছি ৰ’দ বা বতাহ দিলেও একে অৱস্থা হয় বুলি জানিব পৰা গৈছে।বৰষুণ দিলে কেন্দ্ৰসমুহত পানীৰে উপচি পৰে।সম্প্ৰতি সংশ্লিষ্ট কেন্দ্ৰসমুহৰ বিধ্বস্ত ৰূপ এমানে হৈছে যে এজাক সৰু বতাহতে   উৰুৱাই যে নিব সেয়া নিশ্চিত হৈ পৰিছে। সেয়েহে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান,   ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ঘগ্ৰাপাৰ যুৱ ছাত্ৰ পৰিষদে অংগনবাড়ী কেন্দ্ৰ সমুহ শীঘ্ৰে নতুনকৈ নিৰ্মাণ কৰিবলৈ নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সমাজ কল‍্যাণ বিভাগ,নলবাৰী জিলা উপায়ুক্তক দাবী জনাইছে। উল্লেখ্য যে বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১৪৩ টা অংগনৱাড়ী কেন্দ্ৰৰ অধিকাংশই পুৰণি।  গৃহ সমুহ জহি-খহি যোৱাৰ উপৰিও একাংশ  অংগনবাড়ী কেন্দ্ৰৰ নিজা গৃহ নোহোৱাকৈ চলি আছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি প্ৰকল্পটোৰ অন্তৰ্গত ৯ টাকৈ অংগনবাড়ী কেন্দ্ৰৰ নিজা নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই ন টা অংগনৱাড়ী কেন্দ্ৰ কৰ্মীৰ গৃহ ,স্কুল ঘৰ আদিত চলি থকা বুলি জানিব পৰা গৈছে।
You might also like