নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ পাৰ্বতী দেৱীৰ মন্দিৰত ব্যাপক প্ৰস্তুতি; লক্ষ্যাধিক ভক্তক আদৰিবলৈ সাজু মন্দিৰ পৰিচালনা সমিতি

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল: কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বালাপাৰা গাঁৱত অৱস্থিত ঐতিহাসিক শক্তিপীঠ মা পাৰ্বতী দেৱীৰ মন্দিৰ।বকোস্থিত এই ঐতিহাসিক শক্তিপীঠ মা পাৰ্বতী দেৱীৰ মন্দিৰত অনুষ্ঠিত পূজা অৰ্চনাৰ বাবে প্ৰতিবছৰে চ’ত মাহৰ শেষৰ দিনা লক্ষ্যাধিক যুৱক যুৱতীয়ে মনৰ আশা পূৰণৰ বাবে প্ৰায় ১৫০০ ফুট ওখ পাহাৰ বগাই উপস্থিত হয়।একেদৰে অইন বেলিৰ দৰে এইবেলিও লক্ষ্যাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ বকো মৌজা ১ নং খাৰিজা ৰাইজৰ সৌজ্যন্যত অসমীয়া নতুন বছৰৰ প্ৰাকমুহুৰ্তত ৩০ চ’ত ইং ১৪ এপ্ৰিল,২০২৩ ইং তাৰিখ শুক্ৰবাৰে এদিনীয়া কাযসূচীৰে পূজা অৰ্চনা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হৈছে।এই পূজা অৰ্চনাৰ কাৰ্যসূচীত এইবেলিও লক্ষ্যাধিক ভক্তক আদৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে শ্ৰী শ্ৰী মাঁ পাৰ্বতী মন্দিৰ পৰিচালনা সমিতি।এই পূজা অৰ্চনা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে স্থানীয় ৰাইজৰ লোকসকলে মন্দিৰ প্ৰাঙ্গনৰ চৌহদৰ চাৰিওদিশে চাফ-চিকুন কৰি চৌহদৰ বেৰত ৰং দি প্ৰস্তুতি তুংগত কৰিছে।এইবেলিৰ ৩০ চ’ত ১৪ এপ্ৰিল,২০২৩ ইং তাৰিখৰ কায্যসূচী সমূহ- ৰাতিপুৱা ৬ বজাত পতাকা উত্তোলন কৰিব বকো মৌজা ১ নং খাৰিজা ৰাইজৰ সভাপতি শ্ৰীযুত হৰেশ্বৰ ৰাভাই।৭ বজাত দ্বাৰ মুকলি ও পূজা অৰ্চনা আৰু আবেলি ৪ বজাত ৰাইজৰ গোসাঁই সেৱা আৰু মুখ্য দ্বাৰ বন্ধ কৰা হব।শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ এই পূজা অৰ্চনাত সমূহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতি কামনা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like