নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ প্রত্যাহ্বান চীনৰঃ ভূটানৰ আমোছু নদীৰ সমীপত বিশাল সামৰিক আন্তঃগাঁথনি নির্মাণ চীনৰ

  • ডোকলামৰ সমীপতে সামৰিক বাহিনীৰ বাবে এহেজাৰতকৈ অধিক স্থায়ী গৃহ, অনেক অস্থায়ী ছাদ নির্মাণঃ উদ্বিগ্ন নতুন দিল্লী

নিয়মীয়া বাৰ্তা, ১২ এপ্রিল: লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে সীমান্তৰ সমীপত সামৰিক আন্তঃগাঁথনি শক্তিশালী কৰা ৰঙা চীনে এইবাৰ ভূটানত বিশাল সামৰিক আন্তঃগাঁথনিৰে ভাৰতলৈ প্রত্যাহ্বান নমাই আনিছে৷ চুবুৰীয়া ৰাষ্ট্র চীনে ভূটানৰ আমোছু নদীৰ সমীপত বিশাল সামৰিক আন্তঃগাঁথনি নির্মাণ কৰিছে৷ চীন–ভূটান–ভাৰতৰ ত্রিসংগমস্থলী বিবদমান ডোকলামৰ সমভূমিৰ নিচেই সমীপতে ভূটানৰ আমোছু নদীৰ সমীপত চীনে বিশাল সামৰিক আন্তঃগাঁথনি নির্মাণ কৰাক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ ডোকলামৰ সমীপত চীনৰ বিশাল সামৰিক আন্তঃগাঁথনিয়ে ভাৰতৰ সুৰক্ষাৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পাৰে৷ কিয়নো ডোকলাম সমভূমিৰ পৰা ভাৰতৰ শিলিগুৰি কৰিড’ৰলৈ দূৰত্ব অধিক নহয়৷ শিলিগুৰি কৰিড’ৰৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চল দেশৰ অন্যান্য অংশৰ সৈতে সংলগ্ণ হৈছে৷ এই শিলিগুৰি কৰিড’ৰ তথা চিকেন নেক খ্যাত অঞ্চলটোৰ নিৰাপত্তালৈও চীনৰ বিশাল সামৰিক আন্তঃগাঁথনি ভাবুকি হৈ উঠিব পাৰে৷

ভূটানৰ আমোছু নদীৰ সমীপত যোগাযোগৰ স্তম্ভৰ সৈতে এহেজাৰতকৈ অধিক গৃহ নির্মাণ কৰা হৈছে৷ সামৰিক বাহিনীৰ জোৱানৰ বাবে সকলো ধৰণৰ সুবিধা উপলব্ধ থকা এহেজাৰতকৈ অধিক স্থায়ী গৃহৰ উপৰি অঞ্চলটোত অস্থায়ীভাৱে সামৰিক বাহিনীৰ বাবে ছাদ নির্মাণ কৰা হৈছে৷ ডোকলামত কিছু বছৰ পূর্বে ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত হোৱা সংঘাতৰ পাছত অঞ্চলটোৰ সমীপত গোপনে চীনে সামৰিক আন্তঃগাঁথনি নির্মাণ কৰি আহিছে৷ চীনৰ এই আন্তঃগাঁথনিত নৈৰ ওপৰত দলং নির্মাণকে ধৰি সামৰিক বাহিনীৰ বাবে বসতিস্থানো নির্মাণ কৰা হৈছে৷ ভূটানৰ আমোছু নৈৰ লগতে ডোকলামৰ সমীপতে চীনে সামৰিক বাহিনীৰ আন্তঃগাঁথনি নির্মাণ কৰি সমগ্র ডোকলাম সমভূমিত নিজৰ আধিপত্য বিস্তাৰৰ পৰিকল্পনা চলাই আছে বুলি সামৰিক বিশেষজ্ঞসকলে প্রকাশ কৰিছে৷

ডোকলাম সমভূমি সম্পূর্ণ নিজৰ আয়ত্তলৈ আনিব পাৰিলে চীনৰ কৌশলগত লাভ হ’ব৷ কিয়নো এই অঞ্চলটো দখল কৰিব পাৰিলে ভাৰতৰ শিলিগুৰি কৰিড’ৰো নিজৰ আয়ত্তলৈ অনাৰ ক্ষেত্রত সুবিধা হ’ব৷ মন কৰিবলগীয়া যে অলপতে ভূটানৰ প্রধানমন্ত্রীগৰাকীয়্ ডোকলাম সমভূমিক লৈ চীনৰো কোৱাৰ অধিকাৰ আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ ভূটানৰ প্রধানমন্ত্রীগৰাকীৰ্ এই মন্তব্যৰ কিছুদিন পাছতেই দেশখনৰ আমোছু নৈৰ সমীপত চীনৰ সামৰিক বাহিনীৰ বিশাল আন্তঃগাঁথনি নির্মাণ কৰা বিষয়টো নতুন দিল্লীৰ বাবে উদ্বেগজনক৷

You might also like