বগৰীবাৰীত কেয়াৰ ইন্ডিয়াৰ উদ্যোগত ৯০গৰাকী মহিলাক প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত মহামায়া উণ্ণয়ণখন্ডৰ এলেকাধীন বগৰীবাৰীৰ ৯০গৰাকী শিক্ষিত মহিলাক ভাৰত চৰকাৰৰ অনুষ্ঠিত নাবাৰ্ডৰ পৃষ্ঠপোষকতা আৰু সেচ্ছাসেবী সংগঠন কেয়াৰ ইন্ডিয়া ফাউন্ডেচন বিলাসীপাৰাৰ উদ্যোগত নিবনুৱা মহিলাক টেইলৰিং আৰু ডেকৰেটিং ওপৰত ৪৫ দিনীয়া এক প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি পৰে।বগৰীবাৰীৰ স্নানঘাট মন্দিৰৰ প্ৰেক্ষাগৃহত অঞ্চলটোৰ সমুহ আত্মসহায়ক গোটৰ নিবনুৱা মহিলা সদস্যসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত প্ৰতিগৰাকীক এই অনুষ্ঠানত অংশলোৱা মহিলাক এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে কেয়াৰ ইন্ডিয়াৰ সভাপতি আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাবাৰ্ডৰ বিষয়া ৰতন মণি সৰাম,বগৰীবাৰী ষ্টেট বেংকৰ শাখা পৰিচালক, ব্লক সমন্বয়ৰক্ষী ভাষ্কৰ বৰ্মন, কেয়াৰ ইন্ডিয়াৰ কৰ্মী ফাৰুক আব্দুল্লা আৰু প্ৰশিক্ষক ভাৰতী বৰ্মনে ধৰি বহুকেইজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে। এইক্ষেত্ৰত কেয়াৰ ইন্ডিয়াই ভবিষ্যতে নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দেশ্যে অধিক কৰ্মশালা পাতিব বুলি জানিবলৈ দিয়ে ।
প্ৰেৰকঃ পাৰ্থ সাৰথি চক্ৰৱৰ্তী, পৰ্বতঝোৰা