বজালীত জাতীয় শ্ৰমিক পৰিষদৰ সমিতি গঠন
নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বজালী জিলাত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ বজালী জিলা সমিতিখন গঠন কৰা হয়। আবেলি ৩ বজাত পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত অনুষ্ঠিত প্ৰতিনিধি সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বিজন বায়নৰ নেতৃত্বত আজি পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ বজালী জিলা সমিতিখন গঠন কৰা হয়। যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰণৱ কলিতাক সভাপতি আৰু প্ৰণৱ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সমিতিখন গঠন হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মণ্টু কুমাৰ শৰ্মা, কাৰ্যনিৰ্বাহ সদস্য নিপল ডেকা, বজালী জিলা সমিতিৰ উপদেষ্টা টিকেন দাস, সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস, প্ৰচাৰ সম্পাদক সঞ্জীৱ সাগৰ দাস, যূৱ ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নয়ন কলিতাই সভাত অতিথিৰূপে উপস্থিত থকা সভাখনত পৰিষদৰ নেতা বিজন বায়নে কয় যে ৰাজ্যৰ শ্ৰমিক সকল বছৰৰ পিছত বছৰ ধৰি সকলো দিশতে বঞ্চিত হৈ আহিছে৷ এই বঞ্চিত শ্ৰমিকসকলক একত্ৰিত কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে জাতীয় শ্ৰমিক পৰিষদ গঠন কৰা হব৷
প্ৰেৰকঃ কল্যাণ কলিতা