নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৈৱিক কৃষিত গুৰুত্ব বিজেপি কৃষাণ মৰ্চাৰ নেতা ৰঞ্জিত ভট্টাচাৰ্যৰ

নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ: ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা জালুকবাৰী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আৰু শুৱালকুছি মণ্ডল কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা দুখন আজি দুয়োটা মণ্ডলৰে সভাপতি দ্বয়ৰ নেতৃত্বত সুকলমে অনুষ্ঠিত হয়।

সভাত ৰঞ্জিত ভট্টাচাৰ্য্যই সকলোৱে ৰাসায়নিক সাৰৰ ব্যৱহাৰ পৰিহাৰ কৰি আমাৰ থলুৱা কৃষকসকলে সমবায় ভিত্তিত জৈৱিক কৃষিৰে স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য কুশলে ৰাখিবৰ বাবে ৰাইজ তথা কাৰ্যকৰ্তাসকলক আহ্বান জনায়। লগতে কৃষক মৰ্চা অসম প্ৰদেশে সমবায় ভিত্তিত জৈৱিক কৃষিত অধিক গুৰুত্ব আৰোপ কৰি অনাগত দিনত অধিক কাম কৰি যাব বুলিও তেও মন্তব্য কৰে। ইপিনে বৰ্তমান সময়ত কিছু কিছু ঠাইৰ পৰা অহা বজাৰত ঊপলব্ধ ৰাসায়নিক সাৰৰ ব্যৱহাৰ হোৱা শাক-পাচলি ৰাইজে ব্যৱহাৰ কৰাৰ ফলত পূৰ্বৰ তুলনাত আজিকালি নানা ধৰণৰ ৰোগে দেখা দিছে, গতিকে ৰাইজে এইধৰণৰ শাক-পাচলি পৰিহাৰ কৰি নিজাববীয়াকৈ নিজকে কৃষি ক্ষেত্ৰত জৈৱিক ভাৱে আত্মনিয়োগ কৰি নিজৰ তথা আন দহজনৰ কথা চিন্তা কৰা উচিত বুলি তেখেতে মত পোষণ কৰে।

জালুকবাৰী মণ্ডলৰ কাৰ্য্যনিৰ্বাহক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক বিজেপি কৃষক মৰ্চাৰ উপ-সভাপতি তথা গুৱাহাটী মহানগৰ জিলাৰ প্ৰভাৰী ৰঞ্জিত ভট্টাচাৰ্য, ৰাজ্যিক কৃষক মৰ্চাৰ সদস্য হৃষিকেশ কলিতা, মূল সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধৈয্য বৰুৱা, কৃষক মৰ্চাৰ জিলা সাধাৰণ সম্পাদক গংগাধৰ দাস, জিলা সম্পাদক পিয়াল সংকৰ আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ পৌৰপতি তিলক দাস।

You might also like