বজালীৰ বাঘমাৰাত প্ৰয়াত মিনাক্ষী শৰ্মাৰ স্মৃতিত ‘গছৰ দিন’ উদযাপন
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ আজি অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ সৌজন্যত আৰু গ্ৰীণ মিচ্ন, বজালীৰ উদ্যোগত ২০২০ চনৰ ১২ ছেপ্টেম্বৰত ক’ভিড ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যু ঘটা বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী মিনাক্ষী শৰ্মাৰ স্মৃতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে আজি ‘গছৰ দিন’ উদ্যাপন কৰা হয়৷ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এটি চন্দন গছৰ পুলি ৰোপণেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ তথা গ্ৰীণ মিচ্ন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে৷ খাটনিয়াৰে গছ পুলি ৰোপণ অনুষ্ঠানৰ শুভাৰম্ভ কৰি ভাষণত কয় যে মিনাক্ষী শৰ্মাৰ দৰে কৃতী শিক্ষয়িত্ৰীৰ অকাল বিয়োগ ৰাজ্যখনৰ শিক্ষাজগতৰ বাবে এক অপুৰণীয় ক্ষতি৷ তেনে এগৰাকী বিদুষী মহিলাৰ স্মৃতিত গছ পুলি ৰোপণে মিনাক্ষী শৰ্মাৰ স্মৃতিকে অকল শ্যামল কৰি ৰাখিব তেনে নহয় ই আমাৰ পৰিৱেশকো চিৰসেউজ কৰি ৰাখিব৷ খাটনিয়াৰে সকলোকে বৃক্ষৰোপণৰ দ্বাৰা আমাৰ অঞ্চলসমূহ বাসপোযোগী কৰি ৰাখিবলৈ আহবান জনায় আৰু মিনাক্ষী শৰ্মাৰ স্মৃতিত গছৰ দিন উদ্যাপনৰ ভৱিষ্যতলৈ বিভিন্ন কাৰ্যসূচীৰ আজিৰ কাৰ্যসূচীটো এক শুভাৰম্ভণিহে মাথোন বুলি উল্লেখ কৰে৷
বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কুসুম চৌধুৰীয়ে ভাষণ প্ৰসংগত আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁ বিদ্যালয়খনত যোগদান কৰাৰ পূৰ্বে মিনাক্ষী শৰ্মাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাত লগ পোৱা সুযোগ নাপালে৷ তেওঁ খাটনিয়াৰক এই মহান কাৰ্যসূচী বিদ্যালয়ত ৰূপায়িত কৰাত কৃতজ্ঞতা প্ৰকাশ কৰি এই কাৰ্যসূচী ভৱিষ্যতলৈ ধাৰাবাহিকভাৱে চলি থাকিব বুলি আশা ব্যক্ত কৰে৷ অনুষ্ঠানত প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ স্বামী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অভ্যাগত অধ্যাপক ড॰ কৰুণামোহন শৰ্মাই নিজৰ ভাষণত কয় যে জীৱন মৃত্যুতকৈ শ্ৰেষ্ঠ হ’লেও ক’ভিড-১৯ ৰোগে জীৱনক তুচ্ছ কৰি পেলালে৷ পত্নীৰ স্মৃতিচাৰণ কৰি শৰ্মাই আৰু কয় যে জীৱন আৰু মৃত্যুৰ যুঁজত অৱশেষত মৃত্যুৰেই জয় হ’ল৷ এই মৃত্যু শিল্প নহয় বুলি উল্লেখ কৰি পত্নী বিয়োগ তেওঁৰ আৰু একমাত্ৰ কন্যাৰ বাবে অপুৰণীয় ক্ষতি বুলি শোক প্ৰকাশ কৰে৷ অনুষ্ঠানত বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষয়িত্ৰী লতিকা দেৱী গোস্বামীয়ে কয় যে ‘গছৰ দিন’ উদ্যাপনে মিনাক্ষী শৰ্মাৰ স্মৃতিক সজীৱ কৰি ৰাখিব৷ বজালী জিলাৰ উন্নতি সভাৰ উপ-সভাপতি উৎপল ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত গছ পুলি ৰোপণ কাৰ্যসূচীৰ পূৰ্বে প্ৰয়াত মিনাক্ষী শৰ্মাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বিভিন্ন জনে পুষ্পাৰ্ঘ্য নিবেদন কৰে৷ অনুষ্ঠানত অভ্যাগতসকলক বিদ্যালয় কতৃৰ্পক্ষ আৰু মিনাক্ষী শৰ্মাৰ পৰিয়ালৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷ বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰূপ দাস, বাঘমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰু দেৱী, বাঘমাৰা আঞ্চলিক শ্ৰমিক সন্থাৰ সম্পাদক নৱ শৰ্মাৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোৰ শলাগ জ্ঞাপন কৰে উৎপল ঠাকুৰীয়াই৷ ‘গছৰ দিন’ উদ্যাপনৰ এই মহান প্ৰচেষ্টাক উপস্থিত সকলোৱে একেমুখে শলাগে৷