বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেডৰ ধান বনা কল উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: “অসমৰ কৃষকে ধানকে ধৰি উৎপাদিত খাদ্য শস্যৰ নুন্যতম সমৰ্থিত মূল্য পোৱাৰ বাবে চৰকাৰে কেতবোৰ ব্যৱস্থা হাতত লৈছে। কিয়নো কৃষি আৰু কৃষক ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ।” খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত, গ্ৰামোন্নয়ণ আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে আজি টিহুত এইদৰে কয়। আজি টিহুৰ নখৰাত টিহু–বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেডে স্থাপন কৰা এটি ধান বনা কলৰ শুভ উদ্ধোধন কৰি মন্ত্ৰী দাসে চৰকাৰে কৃষকৰ বাবে অসমৰ বিভিন্ন স্থানত দুই শতাধিক ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা বুলি প্ৰকাশ কৰে। চৰকাৰে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেড আৰু মাৰ্কেটিং বোৰ্ডে উক্ত কেন্দ্ৰ সমুহৰ যোগেদি প্ৰতি কুইন্টল ধান ২০৪০ টকা দৰত ক্ৰয় কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। এইক্ষেত্ৰত মন্ত্ৰী দাসে কৃষকক মধ্যভোগীৰ কবলত নপৰিবলৈ আহ্বান জনায়। মন্ত্ৰী দাসে ভাষন প্ৰসংগত কয় যে আগন্তুক দিনত চাউলৰ ক্ষেত্ৰত পঞ্জাৱ, হাৰিয়াণা আদি ৰাজ্যৰ ওপৰত অসমে নিৰ্ভৰ নকৰে। অসমৰ কৃষকৰ ধানেৰে উৎপাদিত চাউলেৰে অসমৰ ৰাইজক চাউল যোগান ধৰা হব বুলি মন্ত্ৰী দাসে তাৎপৰ্য্যমুলক মন্তব্য কৰে। তেওঁ ধান বনা কল আৰু গুদাম ঘৰে কৃষকক সকাহ দিব বুলি আশা প্ৰকাশ কৰে। ভাষন প্ৰসংগত তেওঁ পুষ্টিহীনতা ৰোধৰ বাবে মিনাৰেল আৰু ভিটামিন চাউলৰ সৈতে মিহলি কৰা হব উল্লেখ কৰে। টিহু–বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক বাণী কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী দাসে কাইলৈৰ পৰা বঙাইগাঁৱৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “ বিকাশৰ দিশত এপষেক” শীৰ্ষক কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব বুলিও প্ৰকাশ কৰে। ধান বনা কলৰ শুভ উদ্ধোধনী অনুষ্ঠানত ধান মজুত ৰখাৰ বাবে এটি গুদাম ঘৰৰ উদ্ধোধন কৰে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডৰ বিশেষ কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল শইকীয়াই। অনুষ্ঠানত টিহুৰ ৰাজহ চক্ৰ বিষয়া অৰূপ চৌধুৰী, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ কৃষি বিজ্ঞানী ড° মনোজ ভূঞা, বিশিষ্ট সমাজ কৰ্মী শংকৰ কুমাৰ দাসকে ধৰি কেবাগৰাকীও কৃষি আৰু অসামৰিক যোগান বিভাগৰ বিষয়া বৰ্গ উপস্থিত থাকে। টিহু–বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেডৰ মুখ্য কাৰ্য্যবাহী বিষয়া জিতেন চন্দ্ৰ কলিতাই আদৰণি ভাষন আগবঢ়োৱা অনুষ্ঠানত প্ৰতিবেদন পাঠ কৰে টিহু–বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেডৰ সঞ্চালক মহেন্দ্ৰ দাসে। উল্লেখযোগ্য যে টিহু বজালী অঞ্চলৰ ৬৫৭ গৰাকী কৃষকক লৈ ২০২০ত চনতটিহু–বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেড গঠন কৰা হৈছিল।