নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীসকলে সাংস্কৃতিক অনুশীলন অব্যাহত ৰাখিব লাগিবঃ মুখ্যমন্ত্ৰী

বাল্মীকি সংগীত বিদ্যালয়ৰ ‘সমতাৰ ছন্দৰে জীৱনৰ জয়গান’ শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সোণাৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড॰ ভীমৰাও আম্বেদকাৰৰ পূণ্য তিথি উপলক্ষে আয়োজিত ‘সমতাৰ ছন্দৰে জীৱনৰ জয়গান’ শীৰ্ষক অভিনৱ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ চাফাই কৰ্মীসকলৰ সন্তানৰ সাংস্কৃতিক বিকাশৰ বাবে লোৱা পদক্ষেপসমূহে নতুন সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই আনিছে৷ এই বিদ্যালয়ে লোৱা পদক্ষেপৰ বৰ্হিঃপ্ৰকাশ হিচাপে আজি ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা ভোৰতাল নৃত্য, বিহু নৃত্যকে ধৰি পাঞ্জাব, বিহাৰ আৰু দক্ষিণ ভাৰতৰ নৃত্য, দেশপ্ৰেমমূলক গীত আৰু নৃত্যৰ অনুষ্ঠান প্ৰত্যক্ষ কৰি তেওঁ আপ্লুত হোৱা বুলি কয়৷ তেওঁ কয় যে শিক্ষাৰ্থীসকলে তেওঁলোকৰ এই সাংস্কৃতিক অনুশীলন অব্যাহত ৰাখিব লাগিব৷ যাতে ভৱিষ্যতে তেওঁলোকৰ পাৰদৰ্শিতা আৰু সুনাম অধিক বৃদ্ধি পায়৷ তেওঁ অনুষ্ঠানত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ শলাগ লোৱাৰ লগতে আয়োজক সমিতি, চাফাই কৰ্মীসকল, সত্ৰাধিকাৰসকল, বিভিন্ন পন্থাৰ ধৰ্মগুৰু, বিশিষ্ট সাহিত্যিক, শিল্পী, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ গৃহনিৰ্মাণ আৰু নগৰ উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চাহ জনগোষ্ঠী কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱগোস্বামী, শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, শ্ৰীশ্ৰী চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী, শ্ৰীশ্ৰী ঈশ্বৰ হাতী সত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত, পদ্মশ্ৰী ঘণকান্ত বৰা, ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ সভাপতি ড॰ ভূপেশ শৰ্মা, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাম দত্ত চক্ৰধৰ, আৰ এন প্ৰসাদ, গুৰু প্ৰসাদ মেধি, উদযাপন সমিতিৰ সভাপতি ৰাম সিং, বাল্মীকি সংগীত বিদ্যালয়ৰ অধ্যক্ষা অনন্যা তালুকদাৰ প্ৰমুখ্যে আয়োজক সমিতিৰ বিষয়ববীয়া, বিভিন্ন পন্থাৰ ধৰ্মগুৰু, চাফাই কৰ্মীসকল, বিশিষ্ট সাহিত্যিক, শিল্পী, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীসকলক আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷

You might also like