“বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত হাগ্ৰামাৰ কোনো অৰিহণা নাই”
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ “হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহু সময়ত কৈ আহিছে যে- বিটিএডিত সকলো শান্তি চুক্তিৰ কাম তেওঁৰ বাবেই সম্ভৱ হৈছে । লগতে উগ্ৰপন্থীসকলক তেওঁৰ নেতৃত্বতে পুনৰ ঘৰলৈ ঘূৰাই আনিছে । কিন্তু মই আজি ক’ব বিচাৰিছো যে যোৱা ২০১০ চনৰ পৰায়ে মই গৃহ মন্ত্ৰণালয়ৰ লগত, ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা কৰি আহিছো । কিন্তু আজি যে এই সমস্যাৰ সমাধান হ’বলৈ গৈ আছে তাত হাগ্ৰামা মহিলাৰীৰ কোনো অৰিহণা নাই ।”- সোমবাৰে শান্তি চুক্তিৰ প্ৰাক মুহূৰ্তত এই বিস্ফোৰক মন্তব্য এবছু সভাপতি প্ৰমোদ বড়োৰ ।
প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে মাজতে এই শান্তি চুক্তিৰ পক্ষত নাছিল । যাৰ বাবে তেওঁ বিভিন্ন সময়ত শান্তি চুক্তি নোহোৱাক লৈ উঠি পৰি লাগিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
এন ডি এফ বিৰ মাজতো হাগ্ৰামাই বিভাজন আনিছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় হাগ্ৰামাৰ যি কু নীতি- কুচিন্তা সকলো আজি বিফল হ’ল ।
ইয়াৰোপৰি ১৫ বছৰ ধৰি শাসনত থাকি হাগ্ৰামা মহিলাৰীয়ে কেৱল টকা ঘটিছে বুলি অন্য এক বিস্ফোৰক মন্তব্য কৰি বড়ো সমাজত তেওঁ শান্তি অহাটো নিবিচাৰে বুলি মন্তব্য কৰে এবছু সভাপতি প্ৰমোদ বড়োৱে ।