নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত মৰিগাঁৱৰ বিভিন্ন অঞ্চল

মৰিগাঁও আছুৰ বান পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ অসমৰ অন্যতম বান বিধ্বস্ত জিলা মৰিগাঁও পুনৰ বানৰ কবলত। জিলাখনৰ বিভিন্ন প্ৰান্ত বৰ্তমান পানীৰ তলত। কৰণাৰ জটিল ক্ষনত বানৰ লগতো যুদ্ধ দিবলগীয়া হোৱাৰ ফলত মানুহ খিনিৰ অবস্হা একেবাৰে দুখজনক হৈ পৰিছে। বিগত বছৰ বোৰৰ দৰে খেতি-মাটি, ঘৰ-দুৱাৰ, জীৱ-জন্তু আদি সম্পদৰ বিস্তৰ ক্ষতি সাধন হৈছে। আজি মৰিগাঁও আছুৰ এটা সজাতি দলে মৰিগাঁৱৰ চাতনগুৰি আৰু নিগমত নাওৰ জৰিয়তে বানত বিধ্বস্ত হোৱা অঞ্চল আৰু মানুহ সকলক লগ কৰি বস্তু বাহানি কঢ়িওৱাৰ দৰে কামত সহায় আগবঢ়াই। দলটোত উপস্থিত থকা মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত, মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰনৱ বৰ্মন আৰু উপদেষ্টা লোকেন্দ্ৰ ছেত্ৰীয়ে মানুহ খিনিৰ অবস্থা প্ৰশাসনক অতিসোনকালে অবগত কৰাৰ উপৰিও কিছু নিজাববীয়াকৈ সাহায্য প্ৰদান কৰিম বুলি অবগত কৰে।

You might also like