নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও ষ্টেচনত মেইল ট্ৰেইন ৰখাৰ দাবীত ডি আৰ এমক সাক্ষাৎ

নিয়মীয়া বাৰ্তা, ৫ মে: চিৰাং জিলাৰ সীমান্তবৰ্তী তথা আলীপুৰ দুৱাৰ ৰেলৱে সংমণ্ডলৰ অধীনস্থ বাসুগাঁও ৰেলৱে ষ্টেচনত দ্ৰুতগামী (মেইল) ট্ৰেইনৰ লগতে পূৰ্বৰ ট্ৰেইন সমূহ ৰখাৰ দাবীত আজি শিৱসেনা দলৰ বিটিআৰ প্ৰমুখ শিবু চন্দৰ নেতৃত্বত ডি আৰ এমক সাক্ষাৎ কৰে । আলীপুৰ দুৱাৰ জংচনত প্ৰায় কুৰিগৰাকী বিষয় -ববীয়া সমৰ্থক লৈ গৈ ডি আৰ এমক সাক্ষাৎ কৰি এটি স্মাৰকপত্ৰ প্ৰদান কৰে । ডি আৰ এম গৰাকী দাবী সমূহ পূৰণ কৰাৰ প্ৰচেষ্টা চলাব বুলি সজাতি দলটিক আশ্বাস দিয়ে । উল্লেখয্যোগ্য যে ইয়াৰ পূৰ্বে বাসুগাঁও ৰেলৱে ষ্টেচনত দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত নানা আন্দোলন, ধৰ্না, প্ৰতিবাদী সভা আদি অনুষ্ঠিত কৰাৰ লগতে স্মাৰক পত্ৰ আদি দি বিভিন্ন ট্ৰেইন সমূহ ৰখাৰ ব্যৱস্থা কৰিছিল ৰেলৱে কৰ্ত্তৃপক্ষই । কিন্তু কভিডৰ ফলত নানা খেলিমেলিৰ সৃষ্টি হয় । পুনৰ সেই সমূহ ট্ৰেইন ৰখাৰ বাবে আজি ডি আৰ এমক সাক্ষাৎ কৰি দাবী সমূহ উথ্যাপন কৰে । শিবু চন্দই লোৱা এনে পদক্ষেপক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ।

ভৃগু মুনি ৰায়, বাসুগাঁও ।

You might also like