নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰিষাৰ পূৰ্বেই গহপুৰত ভগ্ন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ বিশ্বনাথৰ গহপুৰ চহৰৰ বাবে এক সুখবৰ ৷ বাৰিষাৰ পূৰ্বেই গহপুৰৰ চকলো সদৃশ চত্ৰং নৈত নিৰ্মাণ হ’ব কংক্ৰিটৰ দেৱালেৰে মথাউৰি । অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অনুমোদন সাপেক্ষে ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই মথাউৰিৰ কাম আজি শুভাৰম্ভ কৰিলে সমষ্টিটোৰ বিধায়ক উৎপল বৰাই ৷

উল্লেখ্য যে বাৰিষাৰ সময়ত প্ৰতিবছৰে গহপুৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰা খৰস্ৰোতা পাহাৰীয়া নদী চত্ৰঙত এইবাৰ বাৰিষাৰ পূৰ্বেই মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হোৱাত গহপুৰীয়া ৰাইজৰ মুখত এতিয়া হাঁহি বিৰিঙিছে ।

You might also like