নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ড্ৰাগছসহ আটক এজন

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ চিৰাঙৰ বিজনীত ড্ৰাগছ বিৰোধী আৰক্ষীৰ অভিযান অব্যাহত । আজি বিজনী কাৱাটীকাত পুনৰ আৰক্ষীয়ে অভিযান চলাই এটা  ড্ৰাগছ ভৰ্তি পেকেট সহ এজনক আটক কৰিবলৈ সক্ষম হয় । পেকেতটোত  সৰ্বমুঠ 72.35 গ্ৰাম ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

লগতে সৰবৰাহকাৰীজনৰ পৰা দুটা মোবাইল হেণ্ডচেত আৰক্ষীয়ে জব্দ কৰে।

অটকাধিন সৰবৰাহকাৰীজন কাৱাটিকাৰ নিৰ্বাসি বিৰ্বল হুছেইনৰ পুত্ৰ ইক্ৰামুল হুছেইন(27)বুলি জানিব পৰা গৈছে ।  উক্ত অভিযানটো এক গোপন সূত্ৰৰ পোমখেদি  বিজনী আৰক্ষীৰ দলে বিৰ্বল হুছেইনৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয় ।

You might also like