নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰৰ অন্যান্য জনগোষ্ঠীক দ্বিতীয় শ্রেণীৰ নাগৰিক নকৰিবঃ পলাশ চাংমাই

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ‘বি টি এ ডিত বসবাস কৰা বড়ো ৰাইজৰ যিমানবোৰ সমস্যা আছে, তাৰ সমাধান হোৱাটো বিচাৰোঁ৷ কিন্তু সমান্তৰালভাৱে আন ভূমিপুত্রসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা উচিত নহয়৷’ –এই মন্তব্য অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ৷

সোমবাৰে তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ মুহূর্তত যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বি টি এ ডিৰ অন্যান্য জনজাতি, জনগোষ্ঠীৰ লোকসকল আজিও ভূমি আৰু চাকৰিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে৷ বড়ো সমস্যা সমাধান কৰিবলৈ গৈ কেতিয়াও আদিবাসী, কোচ ৰাজবংশীকে ধৰি অন্যান্য জনগোষ্ঠীসমূহৰ অর্থনৈতিক, ৰাজনৈতিক অধিকাৰ খর্ব হ’ব নালাগে৷ তেওঁ লগতে কয় যে কেন্দ্রীয় চৰকাৰে গণতান্ত্রিক আন্দোলনক যথোচিত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ চৰকাৰখনে কিছু সশস্ত্র সংগঠনৰ লগত আলোচনা কৰিছে৷ গুৰুতৰ অপৰাধত কাৰাবন্দী অভিযুক্তক জামিন দিছে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ইয়াৰ তীব্র বিৰোধিতা কৰিছে৷ লগতে অন্যান্য জনগোষ্ঠীৰ লোকসকল যাতে বি টি আৰত দ্বিতীয় শ্রেণীৰ নাগৰিক হ’ব নালাগে, তাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে সকীয়াই দিছে৷

You might also like