বিটিআৰ চুক্তিৰ পাছৰে পৰা অজনজাতীয়ক এবছু-ইউপিপিএলৰ উপদ্ৰৱ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বি টি আৰ চুক্তি হোৱাৰ পাছৰ পৰাই এবছু আৰু ইউ পি পি এলে অজনজাতীয় লোকৰ ওপৰত আৰম্ভ কৰিছে উপদ্রৱ৷ চিৰাঙত বাঙালী সম্প্রদায়ৰ লোকৰ দখলত থকা মাটি বেদখল কৰাৰ ষডযন্ত্র কৰিছিল এবছু তথা ইউ পি পি এলৰ নেতাই৷ –এই মন্তব্য বি পি এফৰ সভাপতি তথা বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ৷
ওদালগুৰিৰ আম্বাগাঁৱত ভেৰগাঁও আৰু ওদালগুৰি জিলা যুৱ বি পি এফৰ উদ্যোগত আয়োজন কৰা বিশাল গণসমাৱেশত উপস্থিত থাকি বিটিচি পৰিষদীয় নির্বাচনৰ ৰণহুংকাৰ দিয়াৰ লগতে প্রমোদ বডো নেতৃত্বাধীন ইউ পি পি এল দলক তীব্র সমালোচনা কৰি পুনৰ বি পি এফ দলে বিটিচি পৰিষদ দখল কৰিব বুলি হুংকাৰ দিয়ে৷ নিজৰ ভাষণত বি পি এফৰ সভাপতি তথা বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে কয়– যিসকলে বিটিচি অঞ্চলৰ শান্তি আৰু উন্নতি নিবিচাৰে, তেওঁলোকে বি পি এফ দলক সমালোচনা কৰে৷ কিন্তু বিৰোধীয়ে যিমানে সমালোচনা নকৰক কিয়, আগন্তুক চৰকাৰ অগপ, বিজেপি আৰু বি পি এফৰে হ’ব৷ এবছু আৰু ইউ পি পি এল দলে বি পি এফক সমালোচনা কৰিছে, কিন্তু তেওঁলোকে নিজে কি কৰিছে সেয়া ৰাইজে দেখিছে৷ বি টি আৰ চুক্তি হোৱাৰ পাছতে এবছু আৰু ইউ পি পি এলৰ মানুহে অঞ্চলটোৰ অজনজাতীয় লোকৰ মাটি–বাৰী কাঢ়ি নিব বিচাৰিছে৷ কেইদিনমান পূর্বে চিৰাঙত সংঘটিত হৈছিল তেনে এক ঘটনা৷ চিৰাঙত বাঙালী সম্প্রদায়ৰ লোকৰ দখলত থকা মাটি বেদখল কৰাৰ ষডযন্ত্র কৰিছিল এবছু তথা ইউ পি পি এলৰ নেতাই৷ নিজৰ ভাষণত বি পি এফৰ সভাপতিগৰাকীয়ে প্রতিশ্রুতিৰ বন্যা বোৱাই ভোটাৰ ৰাইজক আকর্ষিত কৰাৰ চেষ্টা কৰাও পৰিলক্ষিত হয়৷ বিটিচিত পুনৰ বি পি এফৰ চৰকাৰ আহিলে প্রথমতে মাটি–বাৰীৰ সকলো সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ লগতে প্রতিখন জিলাত একোজনকৈ সচিব নিযুক্ত কৰি মাটি ক্রয়–বিক্রয়ৰ অনুমোদন নিজৰ জিলাৰ পৰাই কৰাৰ সুবিধা কৰিব বুলি প্রতিশ্রুতি প্রদানৰ লগতে বিটিচি অঞ্চলৰ সকলো মাটিৰ জৰীপ কৰি ২০০৩ চনৰ ১০ ফেব্রুৱাৰীৰ আগৰ পৰা যিজন লোক যিডোখৰ মাটিত আছে, সেই মাটিৰ পট্টা প্রদানৰ ব্যৱস্থা কৰিব বুলিও মহিলাৰীয়ে ঘোষণা কৰে৷ তেওঁ লগতে বিটিচি অঞ্চলৰ প্রতিটো জাতি আৰু জনগোষ্ঠীৰ বাবে একোখনকৈ উন্নয়ন ব’ড গঠন কৰি সেই ব’ডৰ জৰিয়তে জনগোষ্ঠীটোৰ শিক্ষা, সাহিত্য–সংস্কৃতিৰ উন্নয়নৰ কাম কৰা হ’ব বুলি ঘোষণা কৰে৷ তেওঁ লগতে বিটিচিত অসমীয়া ভাষিক উন্নয়ন পৰিষদো গঠন কৰি একেই প্রক্রিয়াৰে অসমীয়াভাষী লোকসকলৰ উন্নয়নৰ কামো কৰা হ’ব বুলি প্রতিশ্রুতি প্রদান কৰে৷ বি পি এফৰ যুৱ মর্চাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে আঁত ধৰা নির্বাচনী সভাত মন্ত্রী ৰিহণ দৈমাৰীয়ে আদৰণী ভাষণ প্রদান কৰে৷ তেওঁ বিৰোধীৰ আভুৱা ভাঁৰা কথা শুনি নিজৰ মূল্যৱান ভোট নষ্ট নকৰিবলৈও ৰাইজক আহ্বান জনায়৷ সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্রদান কৰি প্রমোদ বডো নেতৃত্বাধীন ইউ পি পি এল দলক তীব্র সমালোচনা কৰে৷ তেওঁ বিটিচিত বি পি এফৰ শাসন কালত উন্নয়ন নোহোৱা বুলি ইউ পি পি এল দলে কৰা অভিযোগ খণ্ডন কৰি বিটিচি গঠনৰ পূর্বে এই অঞ্চলৰ কি অৱস্থা আছিল আৰু বর্তমান কি অৱস্থা হৈছে, সেয়া তুলনা কৰিলে সাধাৰণ লোকেও বুজি পাব বিটিচিত উন্নয়ন হৈছে নে হোৱা নাই৷ ইউ পি পি এল দলৰ সদস্য তথা কর্মীসকলে ছ’চিয়েল মিডিয়াত যি দুই–এখন ভঙা দলং আৰু বেয়া ৰাস্তা আপলোড কৰি উন্নয়ন নোহোৱা বুলি অভিযোগ কৰিছে, তেওঁলোকে গ্রামাঞ্চলত হোৱা পকী পথ, দীর্ঘদিন ধৰি মেৰামতি নোহোৱা ইউ টি ৰোডৰ বর্তমানৰ ফটো আপলোড কৰি তুলনা কৰি চাবলৈ আহ্বান জনায়৷ তেওঁ লগতে বিটিচি চি আই টি, বডোলেণ্ড বিশ্ববিদ্যালয় আদি শিক্ষানুষ্ঠানলৈ গৈ বিটিচি গঠনৰ পাছত এই অনুষ্ঠান বি পি এফ দলে কৰাটো বেয়া হৈছে নে ভাল হৈছে, শিক্ষার্থী তথা জনসাধাৰণক সুধিবলৈও আহ্বান জনায়৷ ইউ পি পি এল দলে বি পি এফ দলক কৰা সমালোচনাৰ প্রত্যুত্তৰ দি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে কয়– সমালোচনা কৰোঁ বুলিলে যিকোনো কথাতে কৰিব পাৰি৷ কিন্তু সমালোচনাও গ্রহণযোগ্য হ’ব লাগিব৷ এই সভাত মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বডোৱে ভাষণ প্রদান কৰি অঞ্চলটোৰ ক্ষিপ্র উন্নয়নৰ স্বার্থত পুনৰ বি পি এফ দলক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়৷