বিটিচিত আৰম্ভ বিভাজনৰ ৰাজনীতি; ধীৰেন বড়ো ৰঞ্জন দৈমাৰী গোটৰে বৈঠক বিপিএফৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিটিআৰ চুক্তিৰ পিছতেই বিটিচিত আৰম্ভ হৈছে বিভাজনৰ ৰাজনীতি৷ এবছুৰ সভাপতি প্রমোদ বড়োৱে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী সংগঠনসমূহক লৈ নির্বাচনী ৰাজনীতিত প্রৱেশ কৰি বিটিচি দখলৰ পৰিকল্পনা কৰাৰ পিছতেই আৰম্ভ হয় বিভাজনৰ ৰাজনীতি৷ ইয়াৰ বিপৰীতে বর্তমানৰ বিটিচিপ্রধান হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে সম্প্রতি এবছুৰ পৰা এনডিএফবিৰ গোটসমূহক আঁতৰাই আনি বিপিএফৰ ফলীয়া কৰাৰ ৰাজনীতি অব্যাহত ৰাখিছে৷
বিপিএফৰে ঘনিষ্ঠ এক সূত্রই জানিবলৈ দিয়া মতে, বিটিআৰ চুক্তি স্বাক্ষৰৰ পিছমুহূর্তৰ পৰাই মহিলাৰী নেতৃত্বাধীন বিপিএফে সেই পদক্ষেপ গ্রহণ কৰে৷ ইতিমধ্যে ধীৰেন বড়ো আৰু ৰঞ্জন দৈমাৰী নেতৃত্বাধীন এনডিএফবি গোটৰে বিপিএফৰ বৈঠক অনুষ্ঠিত হৈছে৷ আনকি যোৱা ৩০ জানুৱাৰীত গুৱাহাটীত অস্ত্র সম্বৰণ অনুষ্ঠানৰ পিছতেই নিশাৰ ভাগত বিপিএফৰ অন্যতম জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্মৰ দিছপুৰস্থিত চৰকাৰী আৱাসত মন্ত্রীগৰাকীৰ সৈতে ধীৰেন বড়ো আৰু ৰঞ্জন দৈমাৰী গোটৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিটিআৰ চুক্তিক লৈ প্রকৃততে এনডিএফবিক উপেক্ষিত কৰি সকলো কৃতিত্ব এবছুৱে ল’ব বিচৰা বুলি হোৱা চর্চাৰ ওপৰতে আলোচনা হয় বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷
সেইদৰে বি চাওৰাইগৌৰা নেতৃত্বাধীন এনডিএফবিৰ সৈতেও বিপিএফে যোগাযোগ অব্যাহত ৰাখিছে৷ এবছুৰ উদ্যোগত হ’বলগীয়া নতুন ৰাজনৈতিক শক্তিৰ পৰিৱর্তে বিপিএফৰ পক্ষত অনাৰ বাবেই চাওৰাইগৌৰা গোটৰে যোগাযোগ ৰাখিছে৷ ইপিনে, এনডিএফবিৰ ধীৰেন বড়োৱে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, পৃথক ৰাজনৈতিক দল বা শক্তি গঠন সম্পর্কত তেওঁলোকে কোনো উদ্যোগ গ্রহণ কৰা নাই৷ বিপিএফৰ লগতেই তেওঁলোকৰ কথা–বতৰা চলি আছে৷ বিটিআৰ চুক্তিখন ৰূপায়ণ কৰিব লাগিলে শক্তিশালী পক্ষৰ লগতেই থাকিব লাগিব৷ কাৰ লগত থাকিম, কেনেকৈ থাকিলে চৰকাৰত আহিব পাৰিম, সেইবোৰ দিশ চালি–জাৰি চাই পদক্ষেপ ল’ব লাগিব৷ বর্তমান সময়ত তেওঁলোক বিপিএফৰ লগত থকাৰ সম্ভাৱনাই অধিক বুলি ব্যক্ত কৰি বড়োৱে কয় যে তেওঁলোকে নতুন দলৰ পোষকতা কৰা নাই৷ এবছুৰ পৰাও নতুন দলৰ প্রস্তাৱ তেওঁলোকলৈ অহা নাই৷ বিপিএফৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, সম্প্রতি এবছুৰ সৈতে এনডিএফবিৰ গোবিন্দ বসুমতাৰী গোট আৰু উর্খাও গৌৰা ব্রহ্ম নেতৃত্বাধীন ইউপিপিএল দলহে আছে৷