বিটিচি নির্বাচনত এককভাৱে যুঁজিব বিজেপিয়েঃ ১৬ মার্চত ৪০ সমষ্টিৰ বাবে প্রার্থী তালিকা ঘোষণা
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বিটিচি নির্বাচনক লৈ আৰম্ভ হোৱা ব্যাপক ৰাজনৈতিক কুচকাৱাজৰ সময়তে পৰিষদীয় নির্বাচনত এককভাৱে ৪০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে শাসকীয় বিজেপিয়ে৷ ইতিপূর্বে এককভাৱে বিটিচি নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত লৈছিল বিজেপিয়ে৷ এইবাৰ পৰিষদীয় নির্বাচনত আটাইকেইখন আসনতে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে বিশেষ প্রতিক্রিয়া৷
মন কৰিবলগীয়া যে বি পি এফৰ সৈতে দিছপুৰত মিত্রতা বজাই ৰখা বিজেপিয়ে বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীৰ সৈতে মিত্রতা অটুট ৰাখিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু বি টি আৰ চুক্তি আৰু ইউ পি পি এলৰ উত্থানৰ পাছতে বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত গ্রহণ কৰে৷ দলৰ এই সিদ্ধান্তৰ কথা আজি সদৰী কৰি মন্ত্রী তথা বিটিচি নির্বাচনৰ বাবে গঠন কৰি দিয়া ক’ৰ কমিটীৰ অধ্যক্ষ ভবেশ কলিতাই উল্লেখ কৰে যে বি টি এ ডি এলেকাত বিজেপিৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ লক্ষ্যৰে এইবাৰ বিটিচি নির্বাচনত এককভাৱে প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লোৱা হৈছে৷ অৱশ্যে বি পি এফৰ সৈতে বিধানসভা নির্বাচনত বুজাবুজি অব্যাহত থাকিব বুলি স্পষ্ট কৰি মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বিটিচিত দলীয় শক্তি প্রতিপন্ন কৰাৰ লক্ষ্যৰে ৪০খন আসনতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব৷ বি পি এফৰ প্রসংগত মন্ত্রীগৰাকীৰ ভাষ্য– যিহেতু মিত্রতা নাই, গতিকে বি পি এফে কি ৰাজনৈতিক সিদ্ধান্ত লয় অথবা নির্বাচনত দলটোৰ ইছ্যু কি হয়, তাক লৈ বিজেপিয়ে মূৰ নঘমায়৷ দলে বি টি এ ডিত স্থাপন হোৱা শান্তিৰ বিষয়টোকে মূল ইছ্যু হিচাপে লৈ প্রতিদ্বন্দ্বিতাত নামিব৷ সমান্তৰালভাৱে বি টি এ ডিৰ সম–উন্নয়নৰ বিষয়টোও নির্বাচনী ইছ্যু হ’ব৷ মন কৰিবলগীয়া যে বিটিচি নির্বাচনত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে আগতীয়াকৈ কুচকাৱাজ আৰম্ভ কৰিছে৷ এই উদ্দেশ্যে দলটোৰ কেইবাজনো মন্ত্রী, সাংসদ আৰু বিধায়কক বি টি এ ডিৰ ৪০টা সমষ্টিৰ প্রভাৰী হিচাপে নিয়োগ কৰিছে৷ দলটোৰ এই নেতাসকলে যোৱা সময়ছোৱাত ভোটাৰ তথা বিশিষ্ট নাগৰিকৰ সৈতে বার্তালাপ কৰি দলৰ বিভিন্ন সাংগঠনিক দিশৰ বুজ লৈছে৷ আজি মন্ত্রী ভবেশ কলিতাই জানিবলৈ দিয়া অনুসৰি, যোৱা কেইদিনত দলৰ প্রভাৰীসকলে নির্বাচন সন্দর্ভত সংগ্রহ কৰা বিভিন্ন দিশ তথা প্রার্থী সম্পর্কত অহা ১৬ মার্চত বিস্তৃত প্রতিবেদন দাখিল কৰিব৷ বিশেষকৈ ১৪ আৰু ১৫ মার্চত প্রতিটো সমষ্টিতে দলীয় নেতাসকলে কর্মী আৰু সমর্থকৰ সৈতে বার্তালাপ কৰি সমষ্টিটোৰ বাবে যোগ্য প্রার্থী কোন হ’ব, তাক বিচাৰি উলিয়াব৷
১৬ মার্চত প্রতিটো সমষ্টিৰ বাবে তিনিজনীয়া তালিকা দাখিল কৰিব৷ উক্ত তালিকাৰ ভিত্তিতে ১৬ মার্চৰ সন্ধিয়া দলে আনুষ্ঠানিকভাৱে প্রার্থী তালিকা প্রকাশ কৰিব৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে বিটিচি নির্বাচনত অংশগ্রহণ কৰিবলৈ লোৱা বিজেপিৰ প্রার্থিত্ব বিচাৰি ইতিমধ্যে ৪০০তকৈ অধিক প্রার্থীয়ে আবেদন কৰিছে৷ প্রতিটো সমষ্টিৰ বাবে ১০জনতকৈ অধিক প্রার্থিত্বপ্রত্যাশী থকা হেতু শাসকীয় দলটোৰ নেতৃত্বই প্রার্থিত্ব প্রদানৰ বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ উল্লেখ্য যে বিটিচি নির্বাচনক লৈ কালি দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক অজয় জামৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকত মন্ত্রী ভবেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক অশ্বিনী ৰায়, নাৰায়ণ ডেকা, দলৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা আদি কেইবাজনো শীর্ষ নেতা উপস্থিত থাকে৷ বৈঠকত বি টি এ ডি নির্বাচনত দলে এককভাৱে অৱতীর্ণ হ’লে কোন কোন সমষ্টিক সর্বাধিক অগ্রাধিকাৰ দিব, সেই সম্পর্কে বিস্তৃত আলোচনা হোৱাৰ লগতে নির্বাচনক লৈ এলানি ৰণকৌশলো প্রস্তুত কৰা হয়৷ বিশেষকৈ অবড়ো অধ্যুষিত সমষ্টিসমূহ বিজেপিয়ে দখল কৰাৰ বাবে এইবাৰ সর্বাধিক গুৰুত্ব দিছে৷ অবড়ো ভোট যাতে কংগ্রেছ অথবা এ আই ইউ ডি এফৰ সপক্ষে নাযায়, সেই দিশটোৰ প্রতি বিশেষ সতর্কতা অৱলম্বন কৰা বিজেপিয়ে ইয়াৰ বাবে প্রস্তুত কৰিছে বিশেষ ৰণনীতি৷ ইফালে আজি মন্ত্রী ভবেশ কলিতাই দাবী কৰে যে প্রথমবাৰৰ বাবে বিজেপিয়ে বিটিচি নির্বাচনত অৱতীর্ণ হ’লেও বৃহৎ জয়লাভৰ সম্ভাৱনা আছে৷ মন্ত্রীগৰাকীয়ে নির্বাচনত ২০টাৰো অধিক সমষ্টি দখল কৰিব বুলিও আজি দাবী কৰে৷