বিটিচি নিৰ্বাচনত নতুন অংকঃ আজমল–হাগ্রামালৈ মিত্রতাৰ অনানুষ্ঠানিক প্রস্তাৱ দিলে কংগ্ৰেছে
নিয়মীয়া বার্তা ১১ মাৰ্চঃ আসন্ন বিটিচি নিৰ্বাচনত বিজেপি দলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণৰ পিছতেই বিৰোধী দল কংগ্ৰেছ পুৰণা মিত্ৰ হাগ্ৰামা মহিলাৰী নেতৃতাধীন বিপিএফৰে গোপন বুজাবুজিৰে নিৰ্বাচন খেলাৰ নতুন কৌশল নিৰ্ধাৰণ কৰিছে৷ আসন্ন ৰাজ্যসভা নির্বাচনত কংগ্রেছে এআইইউডিএফৰে মিত্রতাপাশত অৱতীর্ণ হোৱাৰ বাবে বিটিচি নির্বাচনত বিপিএফৰে মিলি বিটিচি দখলৰ সপোন দেখিছে৷
কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, ইতিমধ্যে দলৰ তৰফৰ পৰা এআইইউডিএফ আৰু বিপিএফৰ সৈতে এই সম্পর্কত কথা–বতৰা চলাই আছে৷ বিটিএডিৰ চাৰিওখন জিলাৰ কংগ্রেছ, এআইইউডিএফ আৰু বিপিএফৰ নেতৃত্বৰ মাজত মাৰাথন বৈঠক চলি আছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি, বিটিচি নির্বাচনত তেওঁলোকে মুকলি মিত্রতা কৰাৰ পৰিৱর্তে গোপন বুজাবুজিৰে আসন ভাগ–বাটোৱাৰা কৰিব৷ এই বিষয়ত কাইলৈ তিনিওটা দলৰ প্রতিনিধিৰ মাজত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ’ব৷ কংগ্রেছে গ্রহণ কৰা কৌশল অনুসৰি, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক এআইইউডিএফৰ সহযোগত পুনৰ বিটিচিৰ শাসনভাৰ দখলত সহায় কৰিব৷ ইয়াৰ বিপৰীতে ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ–এআইইউডিএফে গঠন কৰিবলগীয়া বিৰোধীৰ মহাজোঁটত বিপিএফ অংশীদাৰ হ’ব লাগিব৷ কংগ্রেছৰ এই অনানুষ্ঠানিক প্রস্তাৱ বিপিএফেও অগ্রাহ্য কৰা নাই৷ বৰং অতি কৌশলেৰে কংগ্রেছৰেও সম্পর্ক ৰক্ষাত গুৰুত্ব দিছে৷
এই প্রসংগতে উল্লেখনীয় এয়ে যে বিটিচিপ্রধান হাগ্রামা মহিলাৰীক একপ্রকাৰ অন্ধকাৰত ৰাখি কেন্দ্রীয় চৰকাৰে এবছু, এনডিএফবিৰে তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সময়ৰে পৰা ভিতৰি ভিতৰি বিপিএফ ক্ষুণ্ণ হৈ পৰে৷ ইয়াৰ প্রতিক্রিয়া হিচাপে হাগ্রামা মহিলাৰীয়ে ইতিপূর্বে বিটিআৰ চুক্তিক লৈ মুকলিকৈ অসন্তুষ্টিও ব্যক্ত কৰিছে৷ জানিব পৰা মতে, তেতিয়াৰে পৰাই হাগ্রামা মহিলাৰী আৰু প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মাজত যোগাযোগ আৰম্ভ হয়৷ সেই যোগাযোগৰ আঁত ধৰিয়েই কংগ্রেছে এআইইউডিএফৰ সহযোগত আসন্ন বিটিচি নির্বাচনত গোপন বুজাবুজিৰে বিপিএফক সহায় কৰাৰ পৰিকল্পনা যুগুতায়৷