নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ গহপুৰ মহকুমাৰ অন্তৰ্গত পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ এলেকাধীন বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে স্থানীয় বিধায়ক উৎপল বৰাই। কালি পূব ডুবিয়া আৰু ডুবিয়া গাঁও পঞ্চায়তৰ কেইবাঠাই পৰিদৰ্শন কৰি শীঘ্ৰেই সু-ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। বিশেষকৈ পাহাৰীয়া খৰস্ৰোতা চেঁচা আৰু ডুবিয়া নৈৰ বাঢ়নী পানীয়ে মথাউৰি, পথ চিঙি নিয়াৰ ফলত কৃষিভূমিৰ লগতে যাতায়াতৰ ক্ষেত্ৰটো বিস্তৰ ক্ষতিসাধন হয়। কালি বিধায়ক উৎপল বৰাই পূব ডুবিয়া গাঁও পঞ্চায়তৰ এলেকাধীন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বড়িগাঁও ফৰেষ্ট ৰোডৰ ভগ্ন পথ পৰ্যবেক্ষণ কৰাৰ লগতে ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুবিয়া নৈয়ে বিধ্বস্ত কৰা মথাউৰি, এলেকা পৰিদৰ্শন কৰে।