বিধায়ক গুণীন্দ্র নাথ দাসক সমাজদৰদী মথুৰাপুৰী বঁটা প্রদান
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ বৰপেটাৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিৰ উদ্যোগত আজি সন্ধিয়া বৰপেটা সত্রৰ বাছ আস্থানত আয়োজিত এক অনুষ্ঠানত ‘তাঁতীকুছি’ বঁটা আৰু ‘সমাজদৰদী মথুৰাপুৰী’ বঁটা প্রদান কৰাৰ লগতে ড০ দয়ানন্দ পাঠক ৰচিত বৰপেটা বিষয়ক ‘বৰপেটা’ এ বার্ডছ আই ভিউ শীর্ষক এখনি গ্রন্থ উন্মোচন কৰা হয়৷ পৰেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত এখন গাম্ভীর্যপূর্ণ সভাত ২০২০ বর্ষৰ তাঁতীকুছি বঁটা অর্জুন চন্দ্র দাসক আৰু সমাজদৰদী মথুৰাপুৰী বঁটা প্রদান কৰে বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্র নাথ দাস৷ বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱ শর্মাৰ পৰা প্রয়াত অর্জুন দাসৰ হকে তাঁতীকুছি বঁটা গ্রহণ কৰে তেওঁৰ সহধর্মিণী প্রিয়ম দাসে৷ বিধায়ক দাসক সমাজদৰদী মথুৰাপুৰী বঁটা প্রদান কৰে বিশিষ্ট সাহিত্যিক, সমালোচক ড০ দয়ানন্দ পাঠকে৷ বঁটাৰ লগত আছে সত্রীয়া পাগুৰী, পাটৰ চেলেং, প্রশস্তি পত্র, স্মাৰক আৰু নগদ দহ হাজাৰ টকা৷
ইপিনে, বৰপেটা বিষয়ক ড০ দয়ানন্দ পাঠক ৰচিত আৰু বৰপেটাৰ বিধায়কৰ দ্বাৰা প্রকাশিত ইংৰাজী গ্রন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, কলাগুৰু বঁটাপ্রাপক অক্ষয় কুমাৰ মিশ্রই৷ গ্রন্থ উন্মোচন কৰি দিয়া ভাষণত মিশ্রই ড০ দয়ানন্দ পাঠকৰ ইংৰাজী বিষয়ৰ কেইবাখনো গ্রন্থৰ বিষয়ে আলোচনা কৰাৰ লগতে সদ্যপ্রকাশিত ইংৰাজী গ্রন্থখনে বৰপেটা সম্পর্কে প্রচাৰ–প্রসাৰত বিশেষ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে৷ গ্রন্থ লেখক ড০ দয়ানন্দ পাঠকে ভাষণ প্রসংগত কয়, বৰপেটা এখন কেৱল ঠাই নহয়, বৰপেটা এটা ঐতিহ্য৷ তেওঁ অর্জুন দাসক তাঁতীকুছি বঁটা আৰু বিধায়ক গুণীন্দ্র নাথ দাসক সমাজদৰদী মথুৰাপুৰী বঁটা প্রদান কৰাটো উপযুক্ত নির্বাচন হৈছে বুলি মন্তব্য কৰে৷
সভাত অসম কেশৰী অম্বিকাগিৰীৰ আঠটি গীতৰ এলবাম এটি উন্মোচন কৰে বিধায়ক দাসে৷ বঁটা গ্রহণ আৰু গীতৰ এলবাম উন্মোচন কৰি দিয়া ভাষণত বিধায়ক দাসে আমাৰ গৌৰৱোজ্বল অতীত আমি পাহৰি গৈছেছা বুলি মন্তব্য কৰে৷ তেওঁ অসম কেশৰী অম্বিকাগিৰীয়ে তাহানিতে কৈ যোৱা বহু কথাৰ সোঁৱৰণ কৰে৷ সভা আৰম্ভৰ পূর্বে ১৭গৰাকী বৰপেটা অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ স্মৃতিত শ্রদ্ধা তর্পণ কৰি প্রাক্তন বিধায়ক ডাঃ তাৰাপ্রসাদ দাসে ড০ দয়ানন্দ পাঠকৰ সাহিত্য প্রকাশৰ প্রশংসা কৰি তেওঁক জ্ঞানপীঠ বঁটা প্রদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে৷ সভাত সুন্দৰীদিয়া সত্রৰ বুঢ়া সত্রাধিকাৰ জগন্নাথ দেৱ অধিকাৰী, বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, অসম বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, জনসংযোগ বিষয়া বিকাশ শর্মা, অধিবক্তা দীপক কুমাৰ দাস আৰু প্রদীপ দাস উপস্থিত থাকে৷