নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছআই কেলেংকাৰিঃ অক্ষয়চান্দ বৈদৰ ১৫ দিনৰ বাবে জামিন মঞ্জুৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত অক্ষয়চান্দ বৈদে জামিন লাভ কৰিছে৷ যোৱা ১২ জানুৱাৰীত বৈদৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অৱশ্যে চিকিৎসাজনিত কাৰণত প্রাথমিকভাৱে ১৫ দিনৰ বাবে তেওঁ লাভ কৰিছে জামিন৷ পৰৱর্তী সময়ত চিকিৎসকৰ পৰামর্শ অনুসৰি জামিনৰ ম্যাদ বৃদ্ধি সন্দর্ভত পুনৰ বিবেচনা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

ইপিনে, একেটা গোচৰত অভিযুক্ত আন ৮জনে জামিন লাভ কৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে উপ–পৰিদর্শক (এছআই) নিযুক্তি কেলেংকাৰিত চিকিৎসাধীন অৱস্থাতে অক্ষয়চান্দ বৈদক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ তেওঁৰ দ্বাৰা পৰিচালিত ক’চিং চেণ্টাৰৰ পৰা প্রশ্ণকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল৷

You might also like