নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐক্যবদ্ধ হ’ব নোৱাৰিলে এনডিএফবি; বিপিএফৰ পক্ষত ধীৰেন বড়ো, ইউপিপিএলৰ সংগত গোবিন্দ বসুমতাৰী

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ আসন্ন বিটিচি নিৰ্বাচনত এন ডি এফ বিৰ চাৰিওটা গোটে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ চিন্তা-চৰ্চা কৰিছিল যদিও কাৰ্যতঃ সেয়া সফলকাম নহ’ল । ৰাজনৈতিক ঐক্যবদ্ধ হৈ তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হোৱা বাদেই, সাংগঠনিকভাৱেও ঐক্যবদ্ধ হ’ব নোৱাৰিলে । ইতিমধ্যে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে এন ডি এফ বি (পি)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে৷

বসুমতাৰীয়ে প্রকাশ কৰা অনুসৰি এন ডি এফ বি কেতিয়াও ঐক্যবদ্ধ নাছিল৷ বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত তেওঁলোকে ঐক্যবদ্ধ হোৱাৰ চেষ্টা কৰিছিল৷ যোৱা সাত ফেব্রুৱাৰীত কোকৰাঝাৰত বিজয় উৎসৱ পালনৰ পাছতেই চিৰাং জিলাৰ বিজনীত এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতৃত্বই ঐক্যবদ্ধ হোৱাৰ বাবে এখন বৈঠকত মিলিত হৈছিল৷ পৰৱর্তী পর্যায়ত তেওঁলোকে বি পি এফ বা ইউ পি পি এলৰ পৰিৱর্তে নিজাববীয়াকৈ বিটিচি নির্বাচনত অংশগ্রহণৰ বাবে পৰিকল্পনাও কৰিছিল৷ কিন্তু মূৰকত সেয়া হৈ নুঠিল৷

মন কৰিবলগীয়া এয়ে যে এন ডি এফ বিৰ ধীৰেন বড়ো গোটে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ পক্ষত অৱস্থান লৈছে৷ ইয়াৰ বিপৰীতে গোবিন্দ বসুমতাৰী নেতৃত্বাধীন গোটটোৱে পূর্বতে সমর্থন আগবঢ়োৱা ইউ পি পি এলৰ পক্ষত আছে৷ ৰঞ্জন দৈমাৰী আৰু বি আৰ চাওৰাইগৌৰা গোট দুটাৰ ৰাজনৈতিক অৱস্থান এতিয়াও স্পষ্ট হোৱা নাই৷ ইপিনে আসন্ন বিটিচি নির্বাচনত এবছুৱে ইউ পি পি এলৰ পক্ষত থাকিব বুলি স্পষ্ট কৰি দিছে৷ এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে কালি গোলাঘাট জিলাৰ মেৰাপানীত আনুষ্ঠানিকভাৱে এই কথা প্রকাশ কৰে৷

উল্লেখ্য যে বি টি আৰ চুক্তিক আদৰণি জনোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ ঐতিহাসিক তেলীশালৰ চিচুপানী হাইস্কুল খেলপথাৰত এক অনুষ্ঠানৰ আয়োজন কৰে৷ কালি পুৱাৰে পৰা কেইবাসহস্র লোকৰ উপস্থিতিত ইউ বি পি অ’ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী, সম্পাদক অনিল বড়ো, গাম্বাৰু মুছাহাৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, ৰোমি’ পি নার্জাৰী, বড়ো সাহিত্য সভাৰ হৰেশ্বৰ নার্জাৰী, আবৌফৰ লমা গয়াৰী, বড়ো ৰাইটার্ছ ফ’ৰামৰ কেন্দ্রীয় নেতা মহেশ বসুমতাৰী আদিয়ে তৃতীয় বড়ো শান্তি চুক্তিখনে বড়ো জাতিৰ সর্বাংগীণ উন্নতি সাধন, সামাজিক–সাংস্কৃতিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে বি টি আৰৰ বাহিৰত বসবাস কৰা বড়ো–কছাৰীসকলৰ বাবে গঠিত হ’ব লগা বড়ো–কছাৰী কল্যাণ পৰিষদক স্বাগতম জনায়৷ এই পৰিষদ কার্যকৰী হোৱাৰ লগে লগে অসমৰ ভিন্ন প্রান্তত সিঁচৰতি হৈ থকা বড়োসকলে ইয়াৰ দ্বাৰা ৰাজনৈতিক সুৰক্ষা লাভ কৰিব বুলি আশা প্রকাশ কৰে৷ সেই অনুষ্ঠানতে এবছুৰ লৰেন্স ইছলাৰীয়ে কয় যে আসন্ন বিটিচি নির্বাচনত এবছুৰ নিজা ৰাজনৈতিক দল ইউ পি পি এলক সন্মুখত লৈ শক্তিশালী ভূমিকা গ্রহণ কৰিব৷ বড়ো শান্তি চুক্তিৰ সফল ৰূপায়ণৰ স্বার্থত বিজেপিৰ সৈতে মিত্রতাৰ পথ খোলা আছে বুলি প্রকাশ কৰি তেওঁ আৰু কয় যে এই ৰাজনৈতিক মিত্রতাৰ ক্ষেত্রত এবছু আশাবাদী৷ ইছলাৰীয়ে ভাষণত বড়োসকলৰ উন্নয়নৰ স্বার্থত শাসনাধিষ্ঠিত চৰকাৰখনে যথেষ্ট কাম কৰিছে বুলি প্রশংসা কৰি বিজেপি চৰকাৰক শক্তিশালী চৰকাৰ বুলি অভিহিত কৰে৷ এবছুৰ নেতাগৰাকীৰ এই মন্তব্য সাম্প্রতিক ৰাজনৈতিক পৰিৱেশত যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like