নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ শাসনক লৈ কোনো জাতি–জনগোষ্ঠী সুখী নহয়: প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ সমাগত বিটিচিৰ পৰিষদীয় নির্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ৷  ৩০নং গোৰেশ্বৰ সমষ্টিত কেইবাটাও স্থানত দলীয় সভাত অংশ লয় ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে৷ গোৰেশ্বৰস্থিত ইউপিপিএলৰ নির্বাচনী কার্যালয়ত আবেলি ৪ বজাত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি সভাপতি প্রমোদ বডোৱে কয়, সমাগত বিটিচিৰ চতুর্থটো নির্বাচনত যদিওবা ইউপিপিএল–এ এককভাৱে চৰকাৰ গঠন কৰিব তথাপিও আমাৰ স’তে মন মিলা দল, সংগঠন আগবাঢ়ি আহিলে আমি একেলগে চৰকাৰ গঠন কৰিম৷ যোৱা ১৭ বছৰে বিটিচিত বিপিএফে একপক্ষীয়ভাৱে যিধৰণে শাসন চলালে, তাত কোনো জাতি–জনগোষ্ঠী, দল সন্তুষ্ট নহয়৷ সমাজৰ ভাল কামৰ কাৰণেহে মানুহ সৃষ্টি হ’ব লাগে৷ ইজনে সিজনৰ লগত যদি সম্পর্কবোৰ মধুৰ নহয়, তেন্তে সমাজ এখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে৷

কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ মুক্তি সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত প্রমোদ বডোৱে কয়, অখিল গগৈ আৰু ৰঞ্জন দৈমাৰীৰ সমাজৰ বাবে এটা বিশেষ ভূমিকা আছে৷ দুয়োজনে ক’ৰোনাত আক্রান্ত হৈছে৷ চৰকাৰ কর্তৃপক্ষই বিশেষভাৱে এইসকলক নজৰ দিব লাগে৷ কোনোবাই ভুল কাম কৰিলে কষ্ট পাব৷ ময়ো যদি ভুল কৰোঁ, তেন্তে ময়ো শাস্তি পাম৷ যিটো সঁচা, সেইটো হ’ব লাগে৷ মিছা কাৰণত কাকোৱে জে’লত ভৰাই থব নালাগে৷ উল্লেখ্য যে আজি গোৰেশ্বৰ সমষ্টিৰ ভোগপুৰ, বাঘদোবা, ৰামছাকে ধৰি কেইবাঠাইতো ৰাইজৰ স’তে আৰু সন্ধিয়া গোৰেশ্বৰৰ মাৰোৱাৰী সমাজৰ সৈতে মত বিনিময় কৰে ইউপিপিএলৰ সভাপতিগৰাকীয়ে৷

You might also like