নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত ক্ৰেডিত কাৰ্ডৰ পৰা হেকাৰে প্ৰবঞ্চনা কৰি লুটলে বহু  ধন

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : গুগোল প্লে ষ্টৰ’ত  যি কোনো এপ ডাউনলোড কৰোতে এতিয়াৰ পৰা অতি সাৱধান হওঁক।কাৰণ প্ৰবঞ্চকে যি কোনো সময়তে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা এপচৰ জৰিয়তে উদং কৰিব পাৰে যিকোনো ব্যক্তিৰ বেংকৰ একাউন্ট অথবা ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ টকা। বিশ্বনাথত সংঘটিত হৈছে তেনে এক ঘটনা । মাজুলীগড় চাহ বাগিচাৰ এই ব্যক্তি জনৰ নাম অৰুন নাগ । যোৱা ২৫ অক্টোবৰত নিজকে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা নিজৰ পৰিচয় দি অৰুন নাগক ক্ৰেডিত কাৰ্ডত চাৰি হাজাৰ পাঁ‌চশ টকাৰ ফাইন লাগি আছে বুলি জানিবলৈ দিয়ে।আনাদায়ে এই ক্ৰডিট কাৰ্ডৰ একাউন্ট বন্ধ কৰি দিয়াৰ কথাও জনায়।ধন আদায় দিলে  জৰিমণাৰ টকা ৰেহাই পাব বুলি জনোৱাত ,সেই মতে গ্ৰাহকজনো মান্তি হয়। লগে লগে সিফালৰ প্ৰবঞ্চকে এই ক্ৰেডিট কাৰ্ড বন্ধ কৰিবলৈ হলে প্লে ষ্টৰ ৰ পৰা Any Desk নামৰ এপ্চ ডাউনলোড কৰক বুলি জনায়।সেই মতেই ভূক্তভোগী গৰাকীয়ে প্লে ষ্টৰৰ পৰা এনি দেস্ক নামৰ এপ্চ ডাউনলোড কৰিলে আৰু সেই এপ্চত নিজৰ ক্ৰেডিত কাৰ্ড আৰু আধাৰ কাৰ্ড স্কেনীং কৰিবলৈ দিয়াৰ পিছতে ক্ৰেডিত কাৰ্ডৰ পৰা লগে লগে ৬১,৩১২ টকা প্ৰবঞ্চকে লুট কৰি লৈ যায় ।ভূক্তভোগী অৰুণ নাগে কিন্তু এই কথা পিছ দিনাখনহে অৰ্থাৎ ২৬ অক্টোবৰতত জানিবলৈ সক্ষম হয় । পিছদিনাই অৰুন নাগে এছ বি আই শাখাত এই সন্দৰ্ভত জানিবলৈ গৈ নিশ্চিত হৈ যে তেওঁ হেকাৰৰ কবলত পৰিল। তাৰ পিছতহে ক্ৰেডিত কাৰ্ডটো বেংকৰ জৰিয়তে ব্লক কৰে আৰু এই সমস্ত বিষয় সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত  এক গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিয়ে। হেকাৰৰ ন ন কৌশলৰ বাবে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে বেংকৰ গ্ৰাহক।
You might also like