নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্টেলিজেঞ্চ ব্যুৰ’ত ১,৬৭১ পদৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰ

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত ইণ্টেলিজেঞ্চ ব্যুৰ’(Intelligence Bureau) চমুকৈ আইবি(IB)ত খালী হৈছে Security Assistant, Executive (1521) আৰুMulti-Tasking Staff-General (150)ৰ ১,৬৭১ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আই বি কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Local Language/Dialectৰ ভিত্তিতSecurity Assistant, Executive আৰুMulti-Tasking Staff-Generalৰ ১,৬৭১ পদ পূৰণ হ’বলগীয়া Regionসমূহ হৈছে Guwahati (44), Dibrugarh (8), Gangtok (13), Imphal (17), Itanagar (32), Shillong (15), Siliguri (1), Kohima (12), Kalimpong (8), Kolkata (97), Agartala (16), Ahmedabad (39), Aizawl (9), Amritsar (66), Bengaluru (111), Bhopal (37),  Bhubaneswar (13), Chandigarh (36), Chennai (112), Dehradun (10), Delhi (326), Hyderabad (47), Jaipur (34), Jammu (2), Leh (11), Lucknow (51), Meerut (22), Mumbai (182), Nagpur (2), Patna (47), Raipur (22), Ranchi (15), Shimla (10), Srinagar (25), Trivandrum (133), Varanasi (42), Vijayawada (7)৷ মুঠ পদ ১,৬৭১ৰ ভিতৰত অসংৰিক্ষত ৮২৩, অ’বিচিৰ ৩০৬, এছ চিৰ ২৫৬, এছ টিৰ ১১৯ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৬৭ পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে স্থানীয় ভাষা–জ্ঞান থকা হ’ব লাগিব৷ চোৰাংচোৱা বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়েও আবেদন কৰিব পাৰিব৷ Security Assistant, Executive পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ২১,৭০০–৬৯,১০০ টকা৷ বয়স ২৭ বছৰ৷ আনহাতে,Multi-Tasking Staff-General পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷ বয়স ১৮–২৫ বছৰ৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা আৰু মহিলা, এছ টি আৰু এছ চি শ্রেণীৰ প্রার্থীয়ে ৪৫০ টকা অনলাইন মাধ্যমেৰে আইবিৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.mha.gov.in/www.ncs.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰ, ২০২২৷

You might also like