নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত জিলা পৰিবহণ বিভাগে ৫ টা অবৈধ ডিলাৰত লগালে তলা

বিশ্বনাথ, ১৫ নৱেম্বৰঃ বিশ্বনাথ জিলা পৰিবহণ বিভাগে বৃহস্পতিবাৰে বহু কেইখন গাড়ীৰ ডিলাৰত অভিযান ‌চলায় ৷ এই অভিযানত জিলা পৰিবহণ বিষয়া মেহতাবুদ্দিন আলিৰ নেতৃত্বত যোৱা দলটোৱে ৫ খন ডিলাৰৰ কোনো উপযুক্ত নথি পত্ৰ নোপোৱাত ডিলাৰ কেইখনত তলা লগাই দিয়ে। লগতে ডিলাৰত বিক্ৰী কৰিবলৈ অনা কেবাখনো গাড়ী জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ উল্লেখ্য যে বিশ্বনাথৰ হোণ্ডাই ডিলাৰৰ লগতে আৰ ডি মটৰ্ছ, আশুতোষ ডিলাৰ, গ্লৰিয়েচ মটৰ্ছত অভিযান চলাই বৈধ নথি পত্ৰ নোপোৱাত ডিলাৰ কেইখনত তলা লগাই দিয়াৰ ওপৰি ডিলাৰত থকা কেইবাখনো গাড়ী জব্দ কৰে ।

You might also like