নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ বালিপুখুৰীত বিনামূলীয়া চিকিৎসা শিৱিৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ:  বিশ্বনাথৰ গ্ৰ’ গ্ৰীন ফাউণ্ডেচন আৰু চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত আজি বিশ্বনাথৰ বালিপুখুৰীত অনুষ্ঠিত হয় এক বিনামূলীয়া চিকিৎসা শিৱিৰ। বালিপুখুৰী মিলিজুলি সংঘ, বিশ্বনাথ জিলা প্ৰশাসন, হিন্দু জাগৰণ মঞ্চ,  বিশ্বনাথ জিলা স্বাস্হ্য অভিযান, ই আৰ চি তেজপুৰৰ সহযোগত অনুষ্ঠিত এই বিনামূলীয়া চিকিৎসা শিৱিৰত চিকিৎসক হিচাবে উপস্থিত থাকে সুৰজিৎ দাস, চানী কুমাৰ, প্ৰিয়ংকা বসুমতাৰী, প্ৰাঞ্জল শইকীয়া, প্ৰসেঞ্জিত হালদাৰ, আদি। আজিৰ এই চিকিৎসা শিৱিৰটো শুভ উদ্বোধন কৰে প্ৰভুনাথ সিং, গ্ৰেচৰ প্ৰসাদ আৰু চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ সহ কামাণ্ডেণ্ট বি ভি সিং যোধা। গ্ৰামাঞ্চলৰ ২০ টাকৈ স্হানত গ্ৰ’ গ্ৰীন ফাউণ্ডেচন আৰু হিন্দু জাগৰণ মঞ্চই এনেদৰে বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। আজিৰ এই চিকিৎসা শিৱিৰত তিনি শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। 
You might also like