বিশ্বনাথ কৃষি মহাবিদ্যালয়ত বৃক্ষ ৰোপণ
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শ্যামলী চৌহদৰ পৰিকল্পনাৰ প্ৰতি সঁহাৰি জনাই বৃক্ষ ৰোপণ আৰম্ভ কৰা হৈছে।কালি এই উপলক্ষে মহাবিদ্যালয়ৰ চৌহদত আমলখি, কৰ্দৈ, লেটেকু, জলফাই, শিলিখা আৰু অগৰুৰ প্ৰত্যেকৰে কুৰিটাকৈ পুলি ৰোপণ কৰা হয়।মহাবিদ্যলয়খনৰ চৌহদত কেইবাবছৰৰ আগেয়েই ৰোপিত নাহৰ, বকুল, দেৱদাৰু, লিচু, কঠাল, চাহপাত, ৰবৰ, পাইন, বিভিন্ন ঔষধি মচলাজাতীয় আৰু ফলমূলৰ গছবোৰ ডাঙৰ হৈ ইতিমধ্যেই মহাবিদ্যালয় খনক সুন্দৰ শ্যামলী চৌহদলৈ পৰিণত কৰিছে।নান্দনিক শোভাৰে এক প্ৰকাৰ সুদৃশ্য এই কৃষি মহাবিদ্যালয়খন ভৱিষ্যতে আৰু অধিক শ্যামলী হৈ পৰিব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।