নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত ৮ কোটি টকাৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক

জুলাই মাহত ৩.৫ কিঃ গ্ৰাঃ হেৰ'ইন, ৫ কুইন্টল ভাং, ১৭,০০০ নিচাযুক্ত টেবলেট জব্দ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আজি নিচেই পুৱা অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি নিচেই পুৱাৰ ভাগত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্রহ্ম, সহকাৰী পৰিদৰ্শক ৰাজীৱ তাই বৰাৰ সহযোগত আৰক্ষী, চি আৰ পি এফ আৰু কামণ্ডো বাহিনীৰ এটা যুটীয়া অভিযানকাৰী দলে খটখটি থানাৰ অন্তর্গত এম ভি আই পইন্ট চাৰিআলিত তালাচী অভিযান চলায়।

আৰক্ষীৰ অভিযানৰ সময়তে আজি পুৱা প্ৰায় ৬.৩০ বজাত আৰক্ষীয়ে ডব্লিউ বি-৭৪-পি-৪৪৫৬ নম্বৰৰ মাৰুতী ছুইফট বাহনখনত তালাচী চলাই বাহনখনৰ পিছফালৰ আসনৰ তলত ৭৫ টা চাবোনৰ বাকচত লুকুৱাই অনা অবস্থাত ৯৬৬ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে নাগালেণ্ডৰ ফেক জিলাৰ মেলুৰী টাউনৰ চলমন থুৱেৰ (৩৫) আৰু মেলুৰী মলেনৰ চিমন থুৱেৰ (২৫) বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা মাৰাত্মক ড্ৰাগছখিনি বোকাজানৰ পৰা ৰে’লযোগে অন্য ঠাইলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে,  সৰবৰাহকাৰী দুটাই বোকাজান মহকুমাৰ মাজেদি যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত  থকা খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীৰ পৰা হাত সৰাৰ উদ্দেশ্যে অন্য পথেৰে হেৰ’ইনখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাৰ বাবে অৱশেষত হেৰ’ইনসহ আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী। জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্রায় ৮ কোটি টকা। প্রসংগক্রমে উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক সফল অভিযান চলাই অহা বোকাজান মহকুমা আৰক্ষীয়ে কেৱল জুলাই মাহতে অভিযান চলাই ৩.৫ কিঃ গ্ৰাঃ হেৰ’ইন, পাঁচ কুইন্টল ভাং, ১৭,০০০ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হোৱা বুলি মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে।

You might also like