বিষাক্ত কাঠফুলা খাই মৃত্যু পিতৃ–মাতৃ–কন্যাৰ
নিয়মীয়া বাৰ্তা, ২মেঃ চৰাইদেউ জিলাৰ সাপেখাতী ব্লক প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত ভোগবাৰী গাঁৱত বিষাক্ত কাঠফুলা খাই মৃত্যু হয় পিতৃ-মাতৃ-কন্যাৰ। মৃত্যু ৰিখেশ্বৰ বৰা (৩৪), শুৱলা বৰা (৩২) লগতে এওঁলোকৰ কন্যা হিমাদ্রী বৰা (১৪)।
চিকিৎসা প্রদানৰ পাছতো স্বাস্থ্যৰ কোনো উন্নতি নোহোৱা শুৱলা বৰা নামৰ মহিলাগৰাকীয়ে পুৱাই মৃত্যুক আঁকোৱালি লয়৷ আনহাতে চিকিৎসা গ্রহণৰ পাছত ৰিখেশ্বৰ বৰাই কিছু উপশম লাভ কৰিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তিনি বজাত ৰিখেশ্বৰৰ মৃত্যু হয় ৷
জানিব পৰা মতে, মৃত দম্পতীটোৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰি একেলগে ঘৰলৈ আনি থকা সময়তে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা মৃত দম্পতীটোৰ কন্যা হিমাদ্রী মৃত্যু হয়৷ হিমাদ্রী ভাগবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্রী আছিল৷ আনহাতে, বিষাক্ত কাঠফুলা কমকৈ ভক্ষণ কৰা বাবে সুস্থ হৈ উঠা মৃত দম্পতীটোৰ পুত্র দেৱজিতক বর্তমান পৰিয়ালৰ লোকে ঘৰলৈ লৈ অহা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য ভোগবাৰী গাঁৱৰ বাসিন্দা মৃত দম্পতী ৰিখেশ্বৰ বৰা আৰু শুৱলা বৰাই বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন হোৱা পুত্র দেৱজিতৰ লগতে এটি ছয় বছৰীয়া কন্যা সন্তান আৰু চাৰিবছৰীয়া এটি পুত্র সন্তান এৰি গৈছে৷