নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ কইনা নাই…দৰা ঘৰৰ মানুহ পালেহি কইনা ঘৰ। কিন্তু কইনা নোহোৱাত লাগিল হুৱা-দুৱা। ক’লৈ গ’ল কইনা? তাকে সুধিবলৈ লওতেই প্ৰচণ্ড মাৰপিট। কইনা পক্ষৰ লোকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত দৰাৰ ককায়েক, শেষত এজাহাৰত বন্দী হ’ল বিয়াৰ কাহিনী।
এই ঘটনা সংঘটিত হৈছে মাজুলীৰ গড়মূৰত। সম্পূৰ্ণ হ’ল বিয়াৰ যোগাৰ। কিন্তু কইনা ক’লৈ গ’ল কোনেও নাজানে, দৰাটো বাদেই দিয়ক কইনা ঘৰেও উৱাদিহ নাপালে এই কথা। শেষত ওলাল উৰহী গছৰ ওৰ। কইনা ক’লৈ গ’ল জানেনে? বিয়াৰ দিনা পুৱতি নিশা পূৰ্বৰ প্ৰেমৰ বাধাৰ প্ৰাচীৰ ভাঙি প্ৰেমিকৰ সৈতে পলাই গ’ল কইনা। ঘৰৰ সন্মতি মৰ্মে বিয়াত বহিলেও মনে যে নামানে…।
ইকাণ-সিকাণ কৰি খবৰ বিয়পি দৰাঘৰ পালেগৈ… হতবাক হ’ল দৰা লগতে দৰাৰ পৰিয়াল। দৰা ঘৰৰ প্ৰস্তুতি তুংগত। ন-কইনা আহিব নতুনকৈ ঘৰ ধৰিব কিন্তু পলকতে থানবান হ’ল সপোন। সহজভাৱে ঘটনাটো ল’ব নোৱাৰি দৰাৰ ককায়েকসহ কেইজনমান লোক আহি পালেহি কইনাৰ ঘৰ। সুধিলে ঘটনাটো কি? তাতেই খড়্গহস্ত হৈ দুইপক্ষৰ মাজত প্ৰচণ্ড মাৰপিট। বিয়াথলী পৰিণত হ’লগৈ ৰণথলী। ঘটনাসন্দৰ্ভত গড়মূৰ আৰক্ষী থানাত দৰাপক্ষই এজাহাৰ দাখিল কৰিছে।