নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেবেজীয়াৰ এটা পথে কন্দুৱাইছে পথচাৰীকঃ মৰণফান্দলৈ পৰিণত বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ:  নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ ‘ছাইড বাম’ আৰু বিধ্বস্ত ৰূপৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে । অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ । অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও সেই সময়ত পথটোৰ ‘ছাইড বাম’ৰ উন্নীতকৰণ হোৱা নাছিল । কেবল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে । যাৰ পৰিণতিত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বেবেজীয়া, মাহৰিআটী, ঘাঁহী, জাগীয়াল, দক্ষিণপাট, বৰজহা, ম’হমৰীয়া, কৃষ্ণাইখাট, বিহুচোৱাবৰ, ৰঙাচিলা, হাতীগড়, তুলসীমুখ, বালিগাঁও, বৰক’লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে । পথটোৰ ছাইড বাম উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ।

 

ইয়াৰোপৰি পথৰ মাজ অংশটো সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ । সম্প্ৰতি এই গাঁতসমূহ পৰ্যবসিত হৈছে মৰণফান্দলৈ । যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হয় পথচাৰী । কাৰণ বিপৰীত দিশৰ পৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও । বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া চাৰিআলিৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ ছাইড বাম আৰু মাজ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে । এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা । ২০১৯-২০ বৰ্ষত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত ২০২০ বৰ্ষৰ অক্টোবৰ মাহত পথটোৰ কিছু মেৰামতি কৰা হৈছিল যদিও নিম্নমানৰ কামৰ বাবে এবছৰতে পূৰ্বৰ ৰূপ ধাৰণ কৰিলে পথটোৱে । কেইবাখনো উচ্চ শিক্ষানুষ্ঠানখন,ঐতিহাসিক কীৰ্তিচিহ্ন,ৰে’ল ষ্টেচন,ৰাষ্ট্ৰীয় ঘাইপথ, নগাঁও বাইপাছ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক । কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই লোকনিৰ্মাণ বিভাগৰ । এতিয়া ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ উন্নীতকৰণৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপ দাবী কৰিছে ।
You might also like