ব্যৱসায়ীৰ গুদামে গুদামে চৰকাৰী দাইল
নিয়মীয়া বাৰ্তা, ২৫ মেঃ লকডাউনৰ মাজতো দৰং, ওদালগুৰিত অব্যাহত আছে একাংশ নীচ মনোবৃত্তিৰ ব্যৱসায়ীৰ চোৰাং বেহা৷ শেহতীয়াভাৱে ভাৰতীয় খাদ্য নিগমৰ পৰা দৰঙৰ পশ্চিম মঙলদৈ ৰঙামাটি সমবায়লৈ সৰবৰাহ কৰিব লগা এখন ড্রাক চাউলসহ জব্দ হৈছে পানেৰী থানা এলেকাত৷ একেদৰে মঙলদৈ চহৰত কেন্দ্রীয় চৰকাৰৰ আঁচনি অনুযায়ী বিনামূলীয়াকৈ বিতৰণ কৰিবলগীয়া মচুৰ দাইল বস্তাই বস্তাই মজুত হৈছে মঙলদৈৰ একাংশ ব্যৱসায়ীৰ গুদামত৷ লক্ষণীয় যে টংলাৰ টোকানকাটাত অৱস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা ১৯৫ বস্তা ৰাজহুৱা বিতৰণৰ চাউল উদ্ধাৰ হয় পানেৰী থানাৰ অন্তর্গত কচুবিল গাঁৱত৷ এ এছ ২৫ চি ৪২১০ নম্বৰৰ ড্রাকখনেৰে মঙলদৈৰ ৰঙামাটি সমবায় সমিতিলৈ লকডাউনৰ বিশেষ কোটাৰ চাউল অনাৰ কথা আছিল৷ কিন্তু ধনৰ লোভত ড্রাকখনৰ দিশ সলনি হয়৷ ড্রাকখন পানেৰী থানাৰ অন্তর্গত কচুবিল গাঁৱত জব্দ হয়৷ নিশাৰ ভাগত ড্রাকখন বোকাত আবদ্ধ হোৱাৰ পাছত চালকে পলায়ন কৰে আৰু স্থানীয় ৰাইজৰ অভিযোগত আৰক্ষীয়ে চাউলখিনি জব্দ কৰে৷ ৰঙামাটিৰ ৰাইজে এই চক্রটোক কৰায়ত্ত কৰি লকডাউনত ঘোষিত শাস্তি বিহিবলৈ দাবী জনাইছে৷ ইপিনে প্রধানমন্ত্রীয়ে লকডাউনৰ কালছোৱাত ঘোষণা কৰা পেকেজ অনুযায়ী দাৰিদ্র্য সীমাৰেখাৰ তলৰ দুখীয়া পৰিয়ালক এক কিলোকৈ মাহেকত চাৰি কিলো মচুৰ দাইল বিনামূলীয়াকৈ প্রদানৰ ঘোষণা কৰিছিল৷ দিল্লীৰ পৰা অসমলৈ প্রেৰিত আৰু ‘নট ফৰ ছেল’ লিখা মচুৰ দাইলৰ বেগ হঠাৎ মঙলদৈ চহৰৰ একাংশ পাইকাৰী গেলামাল ব্যৱসায়ীৰ গুদামত মজুত কৰি ৰখা হৈছে৷ আনকি তেনেকৈয়ে কিলো ৭৩ টকা দৰত ৩,৬৫০ টকাকৈ খুচুৰা বিক্রেতাক বিক্রী কৰা হৈছে৷ এনে বিক্রীৰ সম্ভেদ পাই আৰক্ষীক এই প্রতিবেদকে অৱগত কৰাৰ পাছত মঙলদৈ চহৰৰ এগৰাকী ব্যৱসায়ীক দুদিন পূর্বে মঙলদৈ থানালৈ তদন্তৰ বাবে লৈ যোৱা হয়৷ আশ্চর্যজনকভাৱে ব্যৱসায়ীজনে গুৱাহাটীৰ ফাঁচীবজাৰৰ কোনো বিশেষ দোকানৰ পৰা ক্রয় কৰা নথিপত্র আৰক্ষীৰ আগত প্রদর্শন কৰে৷ পিছলৈ দৰঙৰ উপায়ুক্তক সদৰী কৰাত তদন্ত চলাই আছে৷ সম্প্রতি তদন্ত চলি থকা সময়তে প্রশ্ণ হয়– ‘নট ফৰ ছেল’ লিখা দাইল কেনেকৈ বিক্রী কৰিব পাৰে ? যদি মচুৰ দাইল তেনেদৰে বিক্রী কৰাই হৈছে, তেন্তে ‘নট ফৰ ছেল’ লিখি বিভ্রান্ত কৰা হৈছে কিয়