নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা জিলা প্ৰশাসনক ৯৪.১৮ লাখ টকাৰ এম্বুলেঞ্চ আৰু অন্যান্য চিকিৎসা সামগ্ৰী প্ৰদান বঙাইগাঁও শোধনাগাৰৰ

নিয়মীয়া বাৰ্তা,৫ আগষ্ট: বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই আজি বৰপেটা জিলা প্ৰশাসনক ৯৪.১৮ লাখ টকা মূল্যৰ চিকিৎসা সেৱাত ব্যৱহৃত সামগ্ৰী প্ৰদান কৰে। চি এছ আৰ আঁচনিৰ অধীনত শোধনাগাৰটোৰ নিকটৱৰ্ত্তী অঞ্চল তথা চুবুৰীয়া জিলা সমূহত জন কল্যাণমূলক কাম অব্যাহত ৰখা বিজিআৰ কৰ্তৃপক্ষই এইবাৰ নিতি আয়োগৰ দ্বাৰা উচ্চাকাংক্ষা জিলা (Aspirational District)হিচাপে বাচনি কৰা বৰপেটা জিলাৰ স্বাস্থ্য সেৱা উন্নীতকৰণৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে আজি  এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ হৈ মুখ্য প্ৰবন্ধক (এইচ আৰ) চন্দ্ৰিমা শৰ্মা আৰু বৰপেটা জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত (DDC) নৱজ্যোতি ওজাই চুক্তিখনত স্বাক্ষৰ কৰে।

আজিৰ এই অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক তথা শোধনাগাৰ মুৰব্বী নয়ণ কুমাৰ বৰুৱাই বৰপেটা জিলা উন্নয়ন আয়ুক্তক দুখন বি এল এছ এম্বুলেঞ্চ, চিকিৎসালয়ত ব্যৱহৃত বিচনা,মেট্ৰেছ, হুইলচেয়াৰ, প্ৰসূতি কক্ষৰ বিচনা, আকস্মিক বিভাগত ব্যৱহৃত ট্ৰলী,চকী আদি বিভিন্ন সামগ্ৰী আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। আজিৰ অনুষ্ঠানত বঙাইগাঁও  শোধনাগাৰ মুৰব্বী জনৰ লগতে মুখ্য মহা প্ৰৱন্ধক (টি এছ,এইচ এছ এণ্ড  ই) এছ বি লহকৰ, মুখ্য মহা প্ৰৱন্ধক ( কাৰিকৰী) জে জে দাস, মুখ্য মহা প্ৰৱন্ধক (বিত্তীয়)  কে ভি এছ সুবুদ্ধি, মহা প্ৰৱন্ধক (এইচ আৰ) চন্দ্ৰিমা শৰ্মা, মহা প্ৰৱন্ধক (চিকিৎসা তথা স্বাস্থ্য), বৰপেটা জিলা মুখ্য চিকিৎসা তথা  স্বাস্থ্য বিষয়া ডাঃ পৰেশ কলিতা, বঙাইগাঁও শোধনাগাৰ বিষয়া সন্থা আৰু কৰ্মচাৰী সংঘৰ বিষয়ববীয়া সকল উপস্থিত থাকে।।

প্ৰেৰক- বিপুল কুমাৰ দাস।  

You might also like