নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহন বিভাগৰ কাণ্ডঃ কোনো জাননী নিদিয়াকৈ নতুনকৈ ক্ৰয় কৰা গাড়ীৰ ওপৰত পলিউচনৰ নামত লগালে কৰ

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ অসম ৰাজ্যিক পৰিবহন বিভাগে কোনো জাননী জাৰি নকৰাকৈ ৰাইজক অন্ধকাৰত ৰাখি কোটি কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনাকলৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ নতুনকৈ যদি কোনো লোকে গাড়ী ক্ৰয় কৰে, গাড়ী ক্ৰয় কৰা ব্যক্তি জনে এবছৰলৈ পলিউচন চাৰ্টিফিকেটৰ নামত চৰকাৰক কৰ দিব নালাগে। কিন্তু অসম ৰাজ্যিক পৰিবহন বিভাগে এই নিয়ম আজিৰ পৰা উঠাই দি নতুনকৈ ক্ৰয় কৰা গাড়ীৰ পলিউচনৰ নামত কৰ দিয়াৰ নিয়ম বান্ধি দিছে। যাৰ ফলত এমাহৰ আগতে ক্ৰয় কৰা সমূহ গাড়ীয়ে পলিউচন চাৰ্টিফিকেটৰ নামত চৰকাৰক কেৱল কৰ নহয় ফাইন ৫০০ টকা দিব লাগিব।

এই ক্ষেত্ৰত বহু কেইগৰাকী ভুক্তভোগীয়ে এই প্ৰতিবেদকক জানিব দিয়া মতে তেওঁলোকৰ গাড়ী কিনা দুমাহ হৈছে এতিয়া চৰকাৰক পলিউচনৰ নামত কেৱল কৰ নহয় ফাইন পাঁচ শ টকা দিব লাগে।লগতে ভুক্তভোগী কেইগৰাকীয়ে কয় যে নতুন আইন বনালে ৰাইজক চৰকাৰে অৱগত কৰিব লাগে চৰকাৰ এখনে চোৰৰ দৰে আইন কিয় বনাব লাগে। ইয়াৰ ফলত চৰকাৰে ফাইনৰ নামত কোটি কোটি ধন ঘটিব পাৰিব কিন্তু মৰিব সৰ্ব সাধাৰণ লোক। ইফালে ব্যৱসায় বাণিজ্য সকলোতে লোকচান, চৰকাৰ খনে ৰাইজক সহায় কৰাৰ পৰিবৰ্তে কৰৰ নামত কৰ লগাই গৈছে।সৰ্ব সাধাৰণ লোকৰ জীৱন ধাৰণত কি সমস্যা হৈছে চৰকাৰ খনে উপলব্ধি কৰক বুলি কয়।পৰিবহন বিভাগৰ এনে সিদ্ধান্তকলৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

You might also like