বৰহোলাত কার্যবাহী দণ্ডাধীশ আৰু কৃষি উন্নয়ন বিষয়াৰ মাজত মাৰপিট
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: তিতাবৰ মহকুমাৰ বৰহোলাত এগৰাকী কার্যবাহী দণ্ডাধীশ আৰু কৃষি উন্নয়ন বিষয়াৰ মাজত হোৱা প্রচণ্ড মাৰপিটৰ ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বৰহোলাস্থিত এটা ধান ক্রয় কেন্দ্রত কালি দিনৰ ভাগত তিতাবৰৰ কার্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাস আৰু কৃষি উন্নয়ন বিষয়া বিশ্বজিৎ দাসৰ কর্তব্যৰত অৱস্থাতে সামান্য কথাৰ কটাকটি লাগি পিছত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, ধান ক্রয়–বিক্রয়ক লৈ দুয়ো প্রশাসনিক বিষয়াৰ মাজত সৃষ্টি হোৱা মনোমালিন্যৰ মাজতে বিশ্বজিৎ দাস নামৰ কৃষি উন্নয়ন বিষয়াগৰাকীয়ে কার্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাসক এটা পূর্ণহতীয়া চৰ মাৰে৷ লগে লগে দণ্ডাধীশজনে কৃষি বিষয়া বিশ্বজিৎ দাসক বুকুত ধৰি গঁতিয়াই পেলাই দিয়া বুলি জানিব পৰা গৈছে৷ যাৰ ফলত স্থান, দায়িত্ব আৰু কর্তব্য পাহৰি যোৱা এই দুয়োগৰাকী প্রশাসনিক বিষয়াৰ মাজত প্রচণ্ড মাৰপিটৰ ঘটনাত হতভম্ব হৈ পৰে ঘটনাস্থলী উপস্থিত স্থানীয় লোকসকল৷
যি ঘটনাই বর্তমান তিতাবৰৰ প্রশাসনিক মহল আৰু সচেতন মহলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে সকলো হতভম্ব হৈ পৰিছে৷ কালি পুৱাৰ ভাগত দুয়োজনৰ ফোনযোগে কিছু কথাত মনোমালিন্য হৈছিল বুলিও জানিব পৰা গৈছে৷ ইতিমধ্যে দুয়োপক্ষই ঘটনা সন্দর্ভত বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ দণ্ডাধীশ বেদাংগ কাশ্যপ দাসৰ এজাহাৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে ১৮/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছে৷ আনহাতে কৃষি বিষয়া বিশ্বজিৎ দাসৰ এজাহাৰৰ ভিত্তিত বৰহোলা আৰক্ষীয়ে ১৯/২৩ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে৷ বর্তমান দুয়োপক্ষৰ গোচৰ ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/২৯৪/৩২৩ ধাৰাত বৰহোলা আৰক্ষীয়ে ক্ষিপ্রতাৰে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ দুয়োগৰাকী বিষয়াই কর্তব্যৰত অৱস্থাত কাজিয়া লাগি থানাত এজাহাৰ পর্যন্ত দাখিল কৰিবলগীয়া হোৱা অতি দুর্ভাগ্যজনক ঘটনাটোৰ উচিত তদন্তৰ দাবী জনাইছে বৰহোলাৰ দল–সংগঠনে৷ লগতে সমাজত বিৰূপ প্রভাৱ পেলোৱা এনে কার্যত অলপ সংযমী হ’বলৈও দায়িত্বশীল বিষয়াসকলক আহ্বান জনাইছে সচেতন মহলে৷