ভানু হত্যাৰ প্ৰতিবাদত উত্তাল সোণাৰি
নিয়মীয়া বাৰ্তা,২৯ জুলাই :- শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত ন – মাটি নাওহলীয়া গাঁৱৰ নিবাসী দীপক ভূমিজৰ পাঁচবছৰীয়া কন্যা শিশু ভানু ( দিম্পী ) ভূমিজক শিৱসাগৰ চেৰেকাপাৰ খনিকৰ গাঁৱৰ নিবাসী বিতুপন ঢেকীয়াল ফুকন আৰু তেখেতৰ সহধর্মিনী পৰিস্মিতা দত্ত ফুকনে তেওঁলোকৰ কোনো সন্তান নথকাত উক্ত ভানু ( দিম্পী ) ভূমিজক নিজৰ সন্তানৰ দৰে ৰাখি পঢ়ুৱাম বুলি নিয়ে । কিন্তু যোৱা ২১ জুলাইত তাইক অতি সন্দেহজনক ভাৱে নিৰ্মৰ্ম প্ৰহাৰ কৰি হত্যা কৰা হয় ।ইয়াৰে প্ৰতিবাদত আজি সদৌ অসম ভূমিজ সমাজৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি জিলা সদৰ নগৰী সোণাৰিৰ লাচিত উদ্যানত তিনি ঘন্টীয়া এক অৱস্থান ধৰ্মঘট পালন কৰা হয় । ভূমিজ সমাজৰ জিলা সমিতিৰ শতাধিক সদস্যই ভানু হত্যাৰ বিচাৰ লাগে , শিশু শ্ৰমিক বন্ধ কৰক ইত্যাদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সদৌ অসম ভূমিজ সমাজৰ চৰাইদেউ জিলা সমিতিৰ
ফালৰ পৰা হত্যাকাৰীদ্বয় বিতুপন ঢেকীয়াল ফুকন আৰু পৰিস্মিতা দত্ত ফুকনক দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ আৰু ভানু ( দিম্পী ) ভূমিজৰ পৰিয়ালটিক ক্ষতিপূৰ্ণ হিচাবে বিশ লাখ টকাৰ এটি এককালিন আর্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
প্ৰেৰক :- দীপাংকৰ পাল।