নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ দিনাই লাভ কৰিব পেঞ্চনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ  সৰলীকৰণ কৰা হ’ল ৰাজ্যৰ পেঞ্চন ব্যৱস্থা। কাৰ্যালয়ত নহাকৈ চৰকাৰী কৰ্মচাৰীয়ে সহজ ভাৱে পাব পেঞ্চনৰ সুবিধা। চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ বাবে আজি ২৭খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয়৷ গুৱাহাটীস্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এমট্ৰনৰ দ্বাৰা স্থাপিত কামৰূপ (মেট্ৰ’) জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে এমট্ৰনে অনলাইন কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন/আপলোড কৰাৰ সুবিধাৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিছে। পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ’ব৷

এই অনুষ্ঠানত বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ শ্ৰীৰমেন্দ্ৰ নাৰায়ণ কলিতা,  বিধায়ক শ্ৰীঅতুল বৰা, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা আৰু উপায়ুক্ত পল্লৱ গোপাল ঝাও উপস্থিত আছিল।

You might also like