নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভালুকৰ সাঙীত পৰিণত আই নৈৰ পকী দলং

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্রাম পঞ্চায়তৰ অন্তর্গত বৰঘোলা–কাঁহিবাৰী, কীর্তনপাৰা সংযোগী আই নৈৰ ওপৰত নির্মিত চল্লিশ কোটি টকীয়া দলংখন ৰাইজৰ বাবে হৈ পৰিছে ভালুকৰ সাঙী৷ আঁচনি মতে দলংখনৰ নির্মাণৰ কাম হ’ল ঠিকেই, কিন্তু আজিলৈকে নির্মাণ নহ’ল ইয়াৰ সংযোগী পথ৷ ফলত নির্মাণ সম্পূর্ণ হোৱাৰ পিছতো দলংখনেৰে যাতায়াত কৰিব পৰা নাই ৰাইজে৷ উত্থাপিত অভিযোগ মতে, বিভাগীয় কর্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে প্রকাণ্ড ছুইমিং পুল হিচাপেহে নৈৰ বুকুত থিয় হৈ ৰ’ল চল্লিশ কোটি টকীয়া দলংখন৷ উল্লেখযোগ্য যে বিগত ২০১৩ বর্ষত নির্মাণকার্য আৰম্ভ কৰা প্রায় পাঁচশ মিটাৰ দৈর্ঘ্যৰ দলংখনৰ আজি তিনিবছৰ পূর্বেই নির্মাণকার্য সম্পূর্ণ হয় যদিও এপপ্রোছ নির্মাণৰ অভাৱত ইয়াৰ ওপৰেদি যাতায়াত সম্ভৱ হৈ উঠা নাই৷ ফলস্বৰূপে আশাহত হৈছে সমষ্টিবাসী ৰাইজ৷

দলংখনৰ নির্মাণে সমষ্টিটোৰ বৃহৎ অঞ্চলৰ লক্ষ লক্ষ জনসাধাৰণৰ শিক্ষা, স্বাস্থ্যৰ লগতে আর্থ–সামাজিক দিশতো আমোল পৰিৱর্তন আনিব বুলি ৰাইজক উৎফুল্লিত কৰি তুলিছিল৷ ৰাইজে ভাবিছিল যে জীৱনটো হাতৰ মুঠিত লৈ টুলুঙা নাৱেৰে আই নৈ পাৰাপাৰ হোৱা দিনৰ অৱসান ঘটিব৷ বহিঃজগতৰ লগত যোগাযোগৰ ক্ষেত্রত অঞ্চলবাসীয়ে সন্মুখীন হোৱা দীর্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব৷ কিন্তু বিভাগীয় কর্তৃপক্ষ আৰু চৰকাৰৰ নির্বিকাৰ ভূমিকাই আশাহত কৰিছে সমষ্টিবাসী ৰাইজক৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে দলং সংযোগী পথ নির্মাণত বেমেজালিৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে৷ ফলশ্রুতিত চৰকাৰৰ কোটি কোটি টকা অপচয় হোৱাৰহে আশংকা কৰিছে ৰাইজে৷ উল্লেখ্য যে বিগত বর্ষত উক্ত পথ নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও কেইজনমান ভূমিৰ মালিকে কাম বন্ধ কৰি দিয়ে৷

ফলত দলংখনেৰে যাতায়াত ব্যৱস্থা গঢ়ি উঠাৰ ক্ষেত্রত একপ্রকাৰ অনিশ্চয়তা আহি পৰে৷ জানিব পৰা মতে, আঁচনিখনত ভূমিৰ কোনোধৰণৰ ক্ষতিপূৰণ আদায় দিয়াৰ ব্যৱস্থা নাই৷ ফলত ৰাইজে স্বইচ্ছাই ভূমি এৰি দিলেহে উক্ত পথ নির্মাণৰ কাম সম্ভৱ হ’ব৷ আঁচনিখনৰ এনে জটিলতাই বাধাৰ সৃষ্টি কৰিছে নির্মাণকার্যত৷ অৱশ্যে সংশ্লিষ্ট পক্ষই পথটো নির্মাণৰ বাবে একাংশ ভূমিৰ মালিকক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল যদিও পিছত মালিকসকলে বিপৰীত স্থিতি লোৱাত বন্ধ হয় নির্মাণকার্য৷ ৰাইজৰ প্রশ্ণ– দলংখনেৰে যাতায়াত গঢ়ি তোলাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবনে চৰকাৰে? নে উত্তৰ অভয়াপুৰী সমষ্টিৰ প্রতি চৰকাৰৰ চৰম অৱহেলাৰ সাক্ষী হিচাপে চল্লিশ কোটি টকীয়া দলংখন মূল্যহীনভাৱে আই নৈৰ বুকুত ওলমি থাকিবলৈ দিব৷ চৰকাৰলৈ ৰাইজৰ কাতৰ আহ্বান– যিকোনো প্রকাৰে উক্ত পথ নির্মাণৰ ব্যৱস্থা কৰি দলংখনক পূর্ণাংগ ৰূপ দিয়ক৷

You might also like