নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামকৰণ

মোৰ ল’ৰা কালৰ বন্ধু এজনৰ নাম আছিল ‘ঘিণ লগা’৷ কোনোবা মাক–বাপেকে নিজৰ সন্তানৰ নাম ঘিণ লগা ৰাখিব পাৰেনে? এই প্রশ্ণৰ উত্তৰ পাবলৈ আমাৰ বেছি সময় লগা নাছিল৷ সেই সময়ত এহাল মতা–মাইকীয়ে যিমান শিশুৰ জন্ম দিছিল সিহঁতৰ ভিতৰত মাত্র আধামানহে ডেকা বা আদহীয়া বয়সলৈকে বাচি থকাৰ আশা আছিল৷ বাকীবোৰৰ কেঁচুৱা অৱস্থাতে মৃত্যু হৈছিল৷ ঘিণ লগাৰ মাক–বাপেকৰ একাদিক্রমে কেইবাটাও সন্তানৰ মৃত্যুৰ পিছত যেতিয়া এটা পুত্র সন্তানৰ জন্ম হ’ল তেতিয়া গাঁৱৰ বেজ–জ্ঞানীৰ পৰামর্শ অনুযায়ী তাৰ নাম ৰখা হ’ল ঘিণ লগা৷ তেনেকুৱা এটা নাম ৰাখিলে সি বোলে অপদেৱতাৰ কুদৃষ্টিৰ পৰা ৰক্ষা পৰিব৷
অৱশ্যে এইটো এটা বিৰল ব্যতিক্রম৷ সাধাৰণতে পিতৃ–মাতৃয়ে নিজৰ সন্তানৰ কাৰণে একোটা শ্রুতিমধুৰ আৰু সৌভাগ্যসূচক নাম বিচাৰে৷ অহিন্দুসকলৰ নামকৰণৰ নিয়ম–নীতিৰ কথা মই নাজানো৷ কিন্তু হিন্দুসকলে সৌ সিদিনালৈকে নৱজাতকৰ নাম বিচাৰি গণক বা জ্যোতিষীৰ শৰণাপন্ন হৈছিল৷ নৱজাতকৰ নামৰ আদ্যাক্ষৰ কি হ’ব, সেইটো নির্ভৰ কৰিছিল তাৰ জন্মৰাশিৰ ওপৰত৷ উদাহৰণস্বৰূপে জ্যোতিষীৰ মতে মোৰ জন্ম হৈছিল কর্কট ৰাশিত৷ জ্যোতিষ শাস্ত্রৰ বিধান মতে মোৰ নামৰ আদ্যাক্ষৰ হ’ব লাগে হ৷ জ্যোতিষীয়ে মোৰ গুপ্ত নাম ৰাখিলে হেমধৰ আৰু প্রকাশ্য নাম হোমেশ্বৰ৷ কিন্তু জকাইচুকীয়া গাঁৱত থাকিও বহুত অসমীয়া–বঙলা কিতাপ পঢ়ি কিছু ‘আধুনিক’ হোৱা মোৰ দেউতাই মোৰ নাম হোমেশ্বৰ গুচাই কৰিলে হোমেন্দ্র৷ দুয়োটা শব্দৰ অর্থ একেই৷
নামকৰণ এটা কঠিন কাম৷ ৰবীন্দ্রনাথ ঠাকুৰৰ জীৱন কালত বংগদেশৰ হাজাৰ হাজাৰ মানুহে নিজৰ ল’ৰা–ছোৱালীৰ কাৰণে ভাল নাম বিচাৰি তেওঁক উত্যক্ত কৰিছিল৷ ’৭০–৮০ৰ ডেওনা পাৰ হোৱা বহুতো খ্যাত–খ্যাত বাঙালীয়ে এতিয়াও ৰবীন্দ্রনাথ ঠাকুৰে দিয়া নাম বহন কৰি ফুৰিছে৷ বিখ্যাত বাঙালী লেখিকা স্বর্গীয়া নৱনীতা দেৱসেনে এদিন গর্ব কৰি মোক কৈছিল যে তেওঁৰ নামটোও বোলে ৰবীন্দ্রনাথ ঠাকুৰে দিয়া৷
নামকৰণৰ বিষয়টোক লৈ অসমীয়া ভাষাত এখন নাটিকা আৰু এটা গল্পও ৰচনা কৰা হৈছিল৷ আৰু যদি কিবা লিখা হৈছিল মই নাজানো, কাৰণ মই পঢ়িবলৈ পোৱা নাই৷ নোমল নামৰ নাটিকাখনৰ লেখক হ’ল লক্ষ্মীনাথ বেজবৰুৱা৷ এনে এজন বিখ্যাত লেখকৰ বিখ্যাত নাটিকাখনৰ কথা সকলো শিক্ষিত অসমীয়াই জানে বুলি মই ধৰি লৈছোঁ৷ ওপৰত উল্লেখ কৰা গল্পটোৰ নাম আছিল ‘নামকৰণ’৷ গল্পটো প্রকাশ হৈছিল যোৱা শতিকাৰ পিছৰ দশকৰ বিখ্যাত অসমীয়া আলোচনী ‘আৱাহন’ত৷ যদিও আৱাহনৰ প্রায় সকলো লেখকৰ নামবোৰ এতিয়াও স্পষ্টকৈ মনত আছে, কিন্তু এই গল্পটোৰ লেখকজনৰ নামটো মই কোনোমতেই মনত পেলাব পৰা নাই৷ কিন্তু গল্পৰ কথাখিনি থূলমূলকৈ মোৰ মনত আছে৷ গল্পটোৰ ঘটনাপ্রবাহ বেজবৰুৱাৰ নাটিকাখনতকৈ একেবাৰে বেলেগ কিন্তু মোৰ বক্তব্য একেটাই৷ বহুতো চিন্তা–ভাবনা আৰু আলাপ–আলোচনা কৰি নৱজাতকৰ যিটো নাম ৰখা হৈছিল সেই নামটো কালক্রমত সকলোৱেই পাহৰি পেলালে৷ আজি নামকৰণৰ বিষয়ে ইমানবোৰ কথা মোৰ মনলৈ অহাৰ এটা বিশেষ কাৰণ আছে৷ অলপতে মই দিল্লীত পঢ়ি থকা এজনী অচিনাকি ছোৱালীৰ পৰা এখন চিঠি পালোঁ৷ ইংৰাজীত লিখা চাৰি পৃষ্ঠাৰ দীঘল চিঠি৷ চিঠিখন পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে মই লেখিকাৰ নামটো চাই ল’লোঁ ঃ অৰুন্ধতী অনিল৷ অনিল? কোনো অসমীয়া মানুহৰতো অনিল উপাধি নাথাকে নিশ্চয় কোনোবা অনা–সমীয়া ছোৱালীয়ে ক’ৰবাৰ পৰা মোৰ নামটো যোগাৰ কৰি কিবা বিশেষ কাৰণত মোলৈ চিঠিখন লিখিছিল৷ মই চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ সুন্দৰ ইংৰাজীত চিঠিখনৰ প্রথম পেৰাগ্রাফটোতে ছোৱালীজনীয়ে ঘোষণা কৰিছে যে তেওঁ আগতে মোৰ কেইবাখনো কিতাপ পঢ়িছে আৰু মোৰ একেবাৰে শেহতীয়া কিতাপখন পঢ়ি চিঠিখন লিখিবলৈ তেওঁ প্রবল আগ্রহ অনুভৱ কৰিলে৷
কিন্তু অনিল উপাধিধাৰিণী ছোৱালীজনীকনো মই কেনেকৈ অসমীয়া বুলি কল্পনা কৰিম? মাত্র সৌ সিদিনালৈকে এনে এটা দিন আছিল– যেতিয়া কেইটামান বিশেষ ব্যতিক্রম বাদ দি (চৌধুৰী, তালুকদাৰ, মজুমদাৰ, শর্মা, ভট্টাচার্য, চক্রৱর্তী ইত্যাদি) কেৱল উপাধিটো শুনিয়েই কোন অসমীয়া, কোন বাঙালী, কোন উত্তৰ ভাৰতীয়, কোন দক্ষিণ ভাৰতীয় কৈ দিব পৰা অৱস্থা আছিল৷ কিন্তু সেই যুগ শেষ হোৱাৰ উপক্রম দেখা গৈছে৷ ভাৰতৰ অন্যান্য জাতিৰ মানুহে কি কৰিছে তাৰ খবৰ মই বৰকৈ নাপাওঁ কিন্তু একাংশ অসমীয়াই যে নিজৰ বাপতিসাহোন উপাধিবোৰ পৰিত্যাগ কৰি নিজৰ অসমীয়া পৰিচয় বিলুপ্ত কৰিব খুজিছে সেই বিষয়ে কোনো সন্দেহ নাই৷ সেইটো ভাললৈ হৈছে নে কাললৈ হৈছে সেইটো বিচাৰ কৰিব একমাত্র কালে৷
ভাৰতৰ কোনো কোনো ৰাজ্যৰ মানুহে নিজৰ নামৰ লগত নিজৰ দেউতাকৰ নাম আৰু গাঁও বা চহৰৰ নাম যোগ কৰি লয়৷ কোনো কোনো সম্প্রদায়ৰ মানুহে কেৱল দেউতাকৰ নাম নিজৰ নামৰ লগত ব্যৱহাৰ কৰে৷ নামবোৰ শুনিয়েই আমি বুজি পাওঁ যে তেওঁলোক তামিল, গুজৰাটী, কর্ণাটকী ইত্যাদি৷ অসমীয়াসকলৰ তেনে দস্তুৰ কোনোকালেই নাছিল৷ বেছিভাগ অসমীয়াৰ নাম আৰু উপাধি শুনিয়েই কৈ দিব পৰা হৈছিল যে তেনে উপাধিধাৰী মানুহ অসমীয়াৰ বাহিৰে আন কোনো হ’ব নোৱাৰে৷ বাঙালী আৰু উড়ীয়াসকলৰ ক্ষেত্রতো সেই একেটা কথাকে বোধহয় ক’ব পাৰি৷ কিন্তু কেৱল উপাধি শুনিয়েই অসমীয়া বুলি চিনি পাব পৰা যুগ দ্রুতগতিৰে শেষ হৈ আহিছে৷ আজিকালি বহুতো অসমীয়া ল’ৰা–ছোৱালী বা ডেকা–গাভৰুৰ নামৰ পিছত উপাধি শিৱম, প্রিয়ম, গৌতম, শ্রেয়ম, কাশ্যপ, গার্গ, ভৰদ্বাজ– অথবা পিতৃৰ নাম৷ বহুতে আকৌ কোনোধৰণৰ উপাধি ব্যৱহাৰ নকৰেই৷ তিনি–চাৰিটা শ্রুতিমধুৰ শব্দ লগ লগাই তাকে উপাধিবিহীন নাম হিচাপে ব্যৱহাৰ কৰা হয়৷
মোৰ মনলৈ অহা প্রশ্ণটো হ’ল নিজৰ বাপতিসাহোন আৰু নিজৰ জাতীয় পৰিচয়–জ্ঞাপক উপাধিবোৰৰ প্রতি একাংশ অসমীয়াৰ হঠাৎ এনে অশ্রদ্ধা বা বিতৃষ্ণা ওপজাৰ কাৰণ কি? এটা কাৰণ এইটো হ’ব পাৰে যে অনুকৰণপ্রিয় অসমীয়াই অভিনৱত্বৰ প্রতি মানুহৰ স্বাভাৱিক আকর্ষণৰ বশৱর্তী হৈ নামকৰণৰ ক্ষেত্রত নতুন নতুন পৰীক্ষা–নিৰীক্ষা চলাইছে৷ কাৰণটো যিয়েই নহওক কিয়, এটা কথা কিন্তু ঠিক যে একাংশ অসমীয়াৰ নাম আৰু উপাধিৰ মাজত অসমীয়া হিন্দু সমাজৰ জাতীয় পৰিচয় বিচাৰি পাবলৈ নোপাৱা হৈছে৷

You might also like