ভাৰতীয় যুৱ ফুটবল দলত নিৰ্বাচিত জোনাইৰ গকুল বিশ্বকর্মাক
নিয়মীয়া বাৰ্তা, ২৪ মে : অসমবাসীৰ বাবে পুনৰ এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত নিৰ্বাচিত হৈছে জোনাইৰ গকুল বিশ্বকর্মাক। ইণ্ডো-নেপাল যুৱ ফুটবল প্রতিযোগিতাৰ বাবে ভাৰতীয় যুৱ দলৰ সৈ খেলিবলৈ নিৰ্বাচিত হৈছে জোনাইৰ গকুল বিশ্বকর্মাক। জোনাইৰ তেলাম নেপালী বস্তিৰ নিবাসী সহদেৱ বিশ্বকৰ্মা আৰু গংগামায়া বিশ্বকৰ্মাৰ সন্তান গকুল বিশ্বকৰ্মাই ভাৰতীয় দলত খেলিবলৈ স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জোনাইবাসী ৰাইজে। ১০ জুনৰ পৰা ১৪ জুনলৈ অনুষ্ঠিত হব লগা ইণ্ডো-নেপাল যুৱ ফুটবল প্রতিযোগিতা যাবলগা ভাৰতীয় যুৱ দলটোৱে নিৰ্বাচিত কৰা গকুল বিশ্বকর্মাই আগতেও জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো খেলত অংশ গ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি লাভ কৰিছে স্বর্ণপদক আদি। ইফালে ইণ্ডো-নেপাল যুৱ পুটবল প্রতিযোগিতালৈ য়ুট গেমছ কাউন্সিল ইণ্ডিয়াই ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত আৰ্থিকভাৱে চিন্তিত হৈ পৰিছে গকুল বিশ্বকর্মাই। কাৰণ দিন হাজিৰা কৰা গকুল বিশ্বকৰ্মাৰ পিতৃ-মাতৃয়ে নিজ সন্তানক নেপাললৈ পঠাবলৈ এতিয়া আর্থিকভাৱে অসমৰ্থ হৈ পৰিছে। যাৰ ফলত গকুল বিশ্বকৰ্মাৰ বাবে এতিয়া তেলাম নেপালী বস্তি ৰাইজৰ লগতে গোর্খা ছাত্র সন্থা, টিএমপিকে আদিকে ধৰি বিভিন্ন দল-সংগঠন, ৰাইজে অর্থ সংগ্ৰহৰ যো-যা কৰা বুলি জানিব পৰা গৈছে।
ইফালে দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাৱান খেলুৱৈ গকুল বিশ্বকর্মাই ইয়াৰ দৰে দৰিদ্ৰ পৰিয়ালৰ খেলুৱাসকলক আর্থিকভাৱে সহায়ৰ হাত আগবঢ়াই উৎসা যোগাবলৈ আহ্বান জনাইছে অসম চৰকাৰ তথা ভাৰত চৰকাৰক।