ভূমি বিবাদঃ হোজাইত মহিলাক জ্বলাই হত্যাৰ চেষ্টা
নিয়মীয়া বার্তা, ৪ জুনঃ হোজাই জিলাৰ চামৰালিত বুধবাৰে ভূমি বিবাদৰ পৰিণতিত এগৰাকী মহিলাক জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা কৰা হয়৷ এই সন্দর্ভত চৌধুৰীবজাৰ আৰক্ষী পহৰা চকীত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰ অনুযায়ী মোৰাঝাৰ থানাৰ অন্তর্গত দক্ষিণ চামৰালি গাঁৱৰ ৰিয়াজ উদ্দিনৰ সৈতে গাঁৱৰে এটা পৰিয়ালৰ ভূমিকেন্দ্রিক বিবাদ চলি আছিল৷ বিবাদক লৈ গোচৰো চলি আছে৷ গোচৰ চলি থকাৰ মাজতে আজি ৰিয়াজ উদ্দিনৰ মাটিত ৰহিম উদ্দিনে দলে–বলে বলপূর্বক ড্রেক্টৰ নমাই চহাবলৈ আহে৷
সেই সময়ত ৰিয়াজ উদ্দিনৰ পৰিয়ালটোৱে বাধা প্রদান কৰাত বেদখলকাৰীসকলে হাতে হাতে দা, ডেগাৰ আদি লৈ আহি আক্রমণ কৰি হত্যাৰ চেষ্টা কৰে ৰিয়াজ উদ্দিনৰ পৰিয়ালটোক৷ অকল ইমানেই নহয়, চালেহা বেগম নামৰ মহিলাগৰাকীৰ গাত তেল ঢ়ালি জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা কৰে উগ্র লোকসকলে৷ আক্রমণত চালেহা বেগম, ৰিয়াজ উদ্দিন, মেহবুব আলম, পাৰবীন বেগম গুৰুতৰভাৱে আহত হয়৷ ইয়াৰে গাত তেল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰা চালেহা বেগমৰ অৱস্থা সংকটজনক৷ হাত–ভৰি আৰু শৰীৰৰ কেইবাঠাইত অগ্ণিদগ্ধ হোৱা মহিলাগৰাকীক সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি প্রথমে নীলবাগানৰ মহাত্মা গান্ধী মডেল চিকিৎসালয়লৈ অনা হয় যদিও পিছত তেওঁক হোজাইলৈ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্রেৰণ কৰে৷
ঘটনা সংক্রান্তত চৌধুৰীবজাৰ আৰক্ষী পহৰা চকীত হত্যাৰ চেষ্টা কৰা বুৰহান উদ্দিন, ৰহিম উদ্দিন, আব্বাছ উদ্দিন, ফখৰ উদ্দিন আৰু নাজিম উদ্দিনসহ কেইবাজনৰ বিৰুদ্ধে ৰিয়াজ উদ্দিনে এটা গোচৰ তৰিছে৷ ইফালে একাংশ দালাল শ্রেণীৰ লোকে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ নানা ষডযন্ত্র ৰচনা কৰাৰ অভিযোগ উঠিছে৷
উল্লেখ্য যে এই ঠাইখনতে বুধবাৰৰ পৰা কেইবাবছৰ পূর্বে আৰক্ষীৰ চূডান্ত গাফিলতিত সংঘটিত হৈছিল এক ভয়ানক হত্যাকাণ্ড৷ ভূ মাফিয়াৰ এটা দলে ভূমি বিবাদৰ পৰিণতিত শ্বেখ তবাৰক আলী আৰু তেওঁৰ দুই পুত্রক দিন–দুপৰতে পথৰ মাজত পেড্র’ল ঢ়ালি জীৱন্তে জ্বলাই হত্যা কৰিছিল৷ আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ৷ স্থানীয় ৰাইজে আৰক্ষীক ক্ষিপ্রতাৰে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷