নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ হৈ পৰিছে জোনাইৰ বান পৰিস্থিতি

যমৰ যাতনাত উজাগৰী নিশা কটাইছে ৰাইজে

নিয়মীয়া বাৰ্তা: ১২ জুলাইঃ পূৰ্বতকৈ অধিক জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতি। উপচি পৰিছে  জোনাইৰ সকলোবোৰ নৈ উপনৈৰ পানী । কেউপিনে পানী আৰু পানী ।সৃষ্টি হৈছে  সাগৰ সদৃশ পৰিস্থিতিৰ ।কালি দুপৰীয়াৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা  লালী- চিয়াং, চিমেন, চিলে, ডেপী, দিখাৰী আৰু জোনাই নদীৰ প্ৰলয়ংকাৰী বানত জোনাই ৰাজহ চক্ৰৰ বাহিৰ জোনাই, চিলে, লাইমেকুৰী, চমকং, লোহিজান, গালী চিকাৰী , ৰামধন আৰু মিছামৰা গাৱ পঞ্চায়তত অন্তৰ্গত ২৩৯ খন গাঁৱ, ২৮৫২৭ হেক্টৰ কৃষিভূমি, ৮২৭১৮ হেজাৰ লোকৰ শ শ পশুধন সকলো প্ৰলয়ংকাৰী বানৰ কৱলত।

  জোনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা এছডিআৰএফ, এন ডি আৰ এফ আৰু নাঁৱেৰে মণ্ডল, স্থানীয়  গাওঁ বুঢ়াসকলৰ দ্বাৰা বানাক্ৰান্তক  উদ্ধাৰ অভিযান চলাই ৰোহিপুৰ দেউৰী, টাৰি ৰাই বস্তি, শান্তিপূৰ, চৰকাৰী ভাৱে ডিমলুগুৰি, বাঁহবাৰী, চেঙাজান, অপ্সৰা, ১ নং টাৰি বস্তি, টাৰি কছাৰী, বগীনদী, অকলেণ্ড, সোনোৱাল কাঠনি গাঁৱৰ ৩৫১ লোকক চৰকাৰী আশ্ৰয় শিবিৰত ৰাখাৰ ব্যৱস্থা কৰিছে৷ জোনাই মহকুমা প্ৰশাসনে চৰকাৰী ভাৱে স্থাপন কৰা আশ্ৰয় শিবিৰ সমূহ হল মুৰ্কংচেলেক বালিকা বিদ্যালয়, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, জোনাই প্ৰানন্সিলিয়াল হাই স্কুল আৰু চমকং হাই স্কুল৷ চৰকাৰী আশ্ৰয় শিবিৰ সমূহত পুৰুষ ৬৭ জন, মহিলা ১৪১ জনী আৰু ১৪৩ জন শিশু আছে ইয়াৰ উপৰিও বানাক্ৰান্ত লোক সকল থাকিবলৈ গাঁৱসমূহৰ ওখভেটিত তিৰ্পাল যোগান ধৰি  গালিঘাটত ৪ টা , মেচাকিত ৪টা মুঠতে প্ৰায় ১০ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে ৷ লগতে শিবিৰ সমূহত থকা বৰ্নাত্যৰ কাৰনে চাউল, দাইল, নিমখ, মিঠাতেল, জুইশলা, আঠোৱা, মমবাতি, জুইশলা, বিস্কুট, খোৱাপানী তিৰপাল আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা বুলি মহকুমা প্ৰশাসনে জানিব দিয়ে৷

ইফালে বৰ্নাত্যৰ অভিযোগ বিগত এমাহ ধৰি চিয়াঙ লালীৰ বানত ৰাইজে নিজা ঘৰ বাৰিএৰি মথাউৰি ওপৰত আশ্ৰয় লৈছে যদিও আজি পৰ্যন্ত প্ৰশাসনৰ তৰপৰ পৰা মাত্ৰ দুবাৰ বান সাৰ্হায্য দিয়াত বানাক্ৰান্ত ৰাইজে ক্ষোভ উজাৰিছে৷ ভোকে পিয়াহে মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনে কিয় পৰ্যন্ত খাদ্য সামগ্ৰীৰ যোগান দিব পৰা নাই বুলি প্ৰশ্ন কৰিছে বানপীড়িত ৰাইজে৷ জোনাই মহকুমা প্ৰশাসনৰ চুড়ান্ত হেমাহিৰ বাবে বান সাৰ্হায্য বিতৰণত ব্যাপক দুৰ্নীতি হোৱা বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে৷ কালিৰে পৰা ক্ৰমাৎ বৃদ্ধি পাই সৃষ্টি হোৱা বানপানীৰ অৱস্থা  ১৯৯৮ চনত হোৱা চাইনা পানী খ্যাত বানপানীতকৈ কোনোগুণে কম নহয় বুলি উল্লেখ কৰিছে  জোনাইৰ বানাক্ৰান্তই । যাৰ ফলত জোনাই মহকুমা ৮ খন পঞ্চায়তৰ অধিকাংশ গাঁও বানত বেয়াকৈ প্লাৱিত হৈ পৰিছে ৷ যমৰ যাতনাত উজাগৰী নিশা কটাইছে জোনাইৰ  শ শ বৰ্নাত্যই,অনাহাৰে দলঙৰ ওপৰত আশ্ৰয় লৈছে সহস্ৰাধিক পশু ধন৷ বান পৰিস্থিতি আৰু অধিক জটিল ৰূপ ধাৰণ কৰাৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত অবৰ্ণনীয় সমস্যাৰ সৃষ্টি হৈছে ।

You might also like