মঙলদৈত উচ্ছেদঃ পৌৰসভা–ৰাজহ চক্র কার্যালয়ৰ মাজত সংঘাত
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ মঙলদৈ চহৰৰ মাজমজিয়াৰ চিলাৰায় বজাৰৰ পশ্চিম দিশে পুৱাৰ ভাগত মঙলদৈ ৰাজহ চক্র বিষয়াৰ নেতৃত্বত এক উচ্ছেদ অভিযান চলোৱা হয়৷ ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ সূত্র অনুসৰি মঙলদৈ বণিক সন্থাৰ কার্যালয়ৰ সংলগ্ণ ৪খন দোকান চৰকাৰী ভূমিত অবৈধভাৱে প্রতিষ্ঠা কৰাৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হয়৷ অৱশ্যে ৰাজহ চক্র বিষয়াৰ কার্যালয়ে ৫নং ৱার্ডলৈ যোৱা পথৰ দাঁতিৰ আন ৯খন প্রতিষ্ঠানসহ ১৩খন বাণিজ্যিক প্রতিষ্ঠানৰ উচ্ছেদৰ উদ্দেশ্য লৈ পুৱাতে অভিযান আৰম্ভ কৰে যদিও হঠাৎ অভিযান বন্ধ ৰাখি আঁতৰি যায়৷ এই লৈ দুই ধৰণে মন্তব্য কৰিছে স্থানীয় ৰাইজে৷ পৌৰসভাৰ দ্বাৰা অনুমতি লৈ পকীভাৱে নির্মাণ কৰা দোকানৰ ভূমি যদিও চৰকাৰী তথাপি বিগত ৩৫ বছৰে দোকান–পোহাৰ দি বাবলি শইকীয়া, সুকুমাৰ দাস, দুলাল চৌধুৰী আৰু ৰিতুল হকে পেট প্রৱর্তাই আছে বুলি প্রকাশ কৰে৷ বাকী ৯খন দোকানক ৰেহাই দি তেওঁলোকক উচ্ছেদ কৰাত ক্ষোভ জাহিৰ কৰে৷ ইপিনে উচ্ছেদ সন্দর্ভত মঙলদৈ পৌৰসভাৰ তৰফৰ পৰা মন্তব্য কৰে যে আজি উচ্ছেদ কৰা বা পথৰ দুয়ো দাঁতিত ভিন্ন চৰকাৰী ভূমি আছে আৰু পথৰ দাঁতিত কোনো স্থায়ী আঁচনি লোৱা হোৱা নাই বাবে পৌৰসভাৰ ৰাজহ সংগ্রহৰ বাবে কেইবাখনো দোকানক অস্থায়ীভাৱে মঞ্জুৰী দি দোকান বহুৱাই ব্যৱসায় কৰাৰ অনুমতি দিছে৷ পৌৰ এলেকাত এনেদৰে চৰকাৰী ভূমিত কোনো স্থায়ী আঁচনি নোলোৱাপর্যন্ত অস্থায়ী নির্মাণৰ অনুমতি দিয়াটো অপৰাধ হ’ব নোৱাৰে৷ এই লৈ কাইলৈ সকলো নথিসহ দৰঙৰ উপাযুক্তক বিষয়টো অৱগত কৰিব বুলি প্রকাশ কৰিছে বিজেপিৰ পৌৰপতি জীৱন শীল শর্মাই৷ ইফালে পোনপটীয়াকৈ ৰাজহ চক্র বিষয়া দীপশিখা শইকীয়াই এই লৈ কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে যদিও পৌৰসভা আৰু ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ অৱস্থানৰ দৰেই পৰস্পৰ বিপৰীত মেৰুত স্থিতি লৈছে৷ মন কৰিবলগীয়া যে মঙলদৈ পৌৰসভা আৰু ৰাজহ চক্র বিষয়াৰ কার্যালয় দুয়োটাই শেহতীয়াভাৱে কেতবোৰ বিতর্কিত কাম–কাজত জড়িত হৈ পৰাৰ অভিযোগ উঠিছে৷ মূলতঃ ভূমি বন্দৱস্তি ম্যাদীকৰণ, অস্থায়ী আবণ্টন আদি প্রসংগত দুয়োটা কার্যালয়ে ধনৰ বাবে যিকোনো সিদ্ধান্ত লোৱাত যে নীতি–নিয়ম জলাঞ্জলি দিব পাৰে, তাৰ বহু নিদর্শন–ভিযোগ উত্থাপন হৈছে৷ পৌৰসভাই কেৱল দোকান–পোহাৰ বহুৱাই মঙলদৈৰ উন্নয়নৰ সপোন দেখি আহিছে৷ বিপৰীতে ম্যাদীকৰণৰ অচিলাৰে ৰাজহ চক্র বিষয়াগৰাকীৰ কার্যালয়ত নিতৌ বৃহৎ ধনৰ লেনদেনৰ অভিযোগ উঠিছে৷