মথনগুৰিত কোনে পাব বিপিএফৰ প্রার্থিত্বঃ গৌতম দাসক লৈ সৰৱ চর্চা
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ৰাজ্য তথা বিটিচিৰ শাসকীয় দল ক্রমে বিপিএফ, বিজেপি আৰু অগপই ঐক্যবদ্ধভাৱে বিটিচি নির্বাচনত অৱতীর্ণ হোৱাটো নিশ্চিত হৈ পৰিছে যদিও আসনৰ ভাগ–বাটোৱাৰাৰ ঐকমত্যত উপনীত হ’বলৈ দলকেইটিৰ মাজত কিছু অসুবিধা থকা বুলি চর্চিত হৈ আহিছে৷ এইক্ষেত্রত উল্লেখনীয় বিপিএফৰ নিজৰ হাতত থকা বাগ্সা জিলাৰ মথনগুৰি (মুক্ত) পৰিষদীয় সমষ্টিত দলীয় প্রার্থিত্ব বিচাৰি দলৰ বিভিন্ন পর্যায়ৰ নেতৃবৃন্দই চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ বিপিএফৰ মহিলা কমিটী আৰু যুৱ কমিটীৰ পৰা ঠাই বিশেষে যুৱ আৰু মহিলা প্রার্থীয়েও দলীয় প্রার্থিত্ব লাভৰ বাবে প্রচেষ্টা চলাইছে৷ বিভিন্ন সমষ্টিত বিপিএফ দলৰ পেৰেণ্ট, অ’মেন, য়ুথ আৰু মাইন’ৰিটী চেলৰ নেতৃবৃন্দই যৌথভাৱে নিজৰ দলীয় সভাৰ লগতে ৰাইজৰ লগত মত বিনিময় আৰম্ভ কৰিছে৷
উল্লেখ্য যে সমষ্টিটোত যোৱাবাৰৰ দলীয় টিকট লৈ প্রাক্তন সাংবাদিক তথা যুৱ নেতা গৌতম দাস নির্বাচিত হৈ বিপিএফৰ প্রথম ধবজা উৰুৱাব সক্ষম হৈছিল৷ সমষ্টিটোত এইবেলিও দলীয় নেতৃবৃন্দই এমচিএলএ গৌতম দাসক লৈ অনুষ্ঠিত কৰাৰ লগতে প্রাইমাৰী মহিলা আৰু যুৱ কমিটীৰ সভা–সমিতিত দলীয় নেতৃবৃন্দই আওপকীয়াকৈ বর্তমানৰ এমচিএলএ গৌতম দাসৰ হৈয়ে বক্তব্য ৰখা দেখা গৈছে৷
ইপিনে, সমষ্টিটোত যোৱাটো নির্বাচনৰ নিচিনাকৈ এইবাৰো অবডো সুৰক্ষা সমিতি সমর্থিত (গণ সুৰক্ষা পার্টী), কংগ্রেছ, ইউ পি পি এল, চি পি আই এমৰো প্রার্থী অৱতীর্ণ কৰিব বুলি জানিব পৰা গৈছে৷ একেদৰে প্রাক্তন এম চি এল এ মাখন স্বর্গীয়াৰীও বিপিএফৰ পৰা টিকট পাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ দলৰ কিছুসংখ্যক নেতাই তেওঁক সংগ দিলেও স্বর্গীয়াৰীয়ে টিকট নাপালে প্রতিবাৰে বিপিএফ দলৰ নীতিক আওকাণ কৰি নির্দলীয় প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰা হেতু মথনগুৰি ব্লক কমিটী আৰু ইয়াৰ প্রাইমাৰী কমিটীয়ে মাখন স্বর্গীয়াৰীৰ হৈ যেন সমর্থন প্রকাশ কৰা নাই৷ প্রতিবাৰেই নির্বাচনৰ পূর্বে দল বাগৰি যোৱা বুলি প্রশ্ন উঠে৷ সমষ্টিটোত যোৱা পাঁচ বছৰে হোৱা উন্নয়ন তথা সমষ্টিটো মুক্ত হোৱা বাবে সকলোৱে পুনৰ গৌতম দাসৰ হৈয়ে মত পোষণ কৰা দেখা গৈছে৷ ইপিনে গৌতম দাসক বিপিএফ দলৰ পৰা টিকট প্রদান কৰিবলৈ দলৰ কর্মীসকলৰ লগতে বাগ্সা জিলা বাঙালী যুৱ–ছাত্র ফেডাৰেচন, গোর্খা ষুটডেণ্ট ইউনিয়ন, নাথ–যোগী সন্মিলন প্রমুখ্যে দল–সংগঠনসমূহে দাবী জনায়৷
আনপিনে এক বিশেষ সূত্রই জানিবলৈ দিয়া মতে বিজেপিৰ একাংশ নেতা–কর্মীয়ে সমষ্টিটো পুনৰুদ্ধাৰৰ স্বার্থত গৌতম দাসক বিপিএফ দলৰ পৰা টিকট প্রদান কৰিলে উমৈহতীয়া প্রার্থী হিচাপে সকলোৱে ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব পাৰিব বুলি উল্লেখ কৰে৷ মুঠতে মথনগুৰি সমষ্টিটোত এতিয়ালৈ প্রাক্–নির্বাচনী কূটকৌশল জটিল হৈ আছে যদিও সময়ত কি ৰূপ লয় লক্ষণীয় হ’ব