নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানুভৱতা অঘৰী জীৱন কটোৱা বৃদ্ধ দম্পতীক উদ্ধাৰ সাংবাদিকৰ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ আন্তর্জাতিক নাৰী দিৱসৰ দিনাই এক বৃদ্ধ দম্পতীৰ হূদয়বিদাৰক দৃশ্যই সকলোকে কন্দুৱালে ৷ উচুপি উঠিল গাঁওবাসীয়েও৷ বাগ্সা জিলাৰ তামুলপুৰৰ এখন ভিতৰুৱা স্থান নিজ ডেফেলি গাঁও৷ গাঁওখনৰ ৮৫ বছৰীয়া বৃদ্ধ প্রফুল্ল কলিতা আৰু তেওঁৰ সহধর্মিণী ৭০ বছৰীয়া হাৰো কলিতাই নিজৰ সকলো হেৰুৱাই এক দুর্বিষহ জীৱন অতিবাহিত কৰিছিল৷ বৃদ্ধ দম্পতীটোৱে বিবাহৰ পিছৰে পৰা নাগ্রীজুলিৰ অৰঙাজুলি গাঁৱত থাকিবলৈ লয়৷ দুয়োৰে সতি–সন্ততি নহ’ল যদিও প্রায় ১৫ বিঘা ভূমিত খেতি কৰি জীৱন নির্বাহ কৰা দম্পতীটোৰ ৫ বিঘা ভূমি নদীৰ বুকুত সোমাই পৰে৷ পৰৱর্তী সময়ত বাকী ১০ বিঘা কৃষিভূমিত জীৱন জীৱিকা চলাই যোৱা দম্পতীটো বৃদ্ধ হৈ অহাৰ লগে লগে কৃষি কার্য আৰু কৰিব নোৱৰা হৈ পৰিল৷ তেতিয়াই নিজৰ ভতিজাক হিতেশ কলিতাই বৃদ্ধ দম্পতীটোক প্রলোভনেৰে পুনৰ নিজ জন্মভূমি নিজ ডেফেলিলৈ ঘূৰাই আনিলে৷ জীৱনৰ শেষ সময়ছোৱা ভালদৰে ৰখাৰ প্রতিশ্রুতিৰে মাটি সম্পত্তিখিনি হস্তগত কৰি এতিয়া এৰাই চলিবলৈ ধৰিলে৷ লাহে লাহে দম্পতীটোৱে খাবলৈ নোপোৱা হ’ল৷ ভগা জুপুৰিটোত থকাৰ পৰিৱেশ নাই৷ গাঁওখনৰ ইঘৰ–সিঘৰত খুজি–মাগি কেতিয়াবা খায় যদিও প্রায়েই লঘোনে দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ অঘৰী জীৱন কটোৱা বৃদ্ধ দম্পতীটোৰ এনে দুর্দশাময় অৱস্থাৰ কথা জানি আন্তর্জাতিক নাৰী দিৱসৰ দিনা নিশাই বৃদ্ধ দম্পতীটোৰ কাষত থিয় হ’ল সাংবাদিক মজিবুৰ ৰহমান৷ কালি নিশা সাংবাদিক মজিবুৰ ৰহমানে তামুলপুৰৰ সেই ভিতৰুৱা স্থান নিজ ডেফেলিৰ পৰা উদ্ধাৰ কৰি আনি নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱাই অনাৰ ব্যৱস্থা কৰে শান্তি নিৱাস বৃদ্ধাশ্রমলৈ৷ বৃদ্ধ দম্পতীটোক সাংবাদিক ৰহমানে কালি নিশা উদ্ধাৰ কৰি অনাৰ মুহূর্তটো আছিল হূদয়বিদাৰক৷ নিজৰ জন্মভূমি গাঁওখন এৰি অহাৰ মুহূর্তত কান্দোনৰ ৰোল উঠে গাঁওখনত৷ কান্দি কান্দি বৃদ্ধ দম্পতীটোৰ চৰণ চুই বিদায় জনায় গাঁওবাসীয়ে ৷

You might also like